অসম

assam

সাধাৰণ জনতাৰ বাবে মুকলি দিল্লী-মীৰাট এক্সপ্ৰেছৱে

By

Published : Apr 1, 2021, 8:11 PM IST

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে দিল্লী-মীৰাট এক্সপ্ৰেছৱে সাধাৰণ জনতাৰ বাবে মুকলি কৰাৰ কথা ঘোষণা কৰে । এতিয়াৰে পৰা দুয়োখন চহৰৰ মাজত ভ্ৰমণৰ সময় তিনি ঘণ্টাৰ পৰা হ্ৰাস হৈ মাত্ৰ ৪৫ মিনিট হ'ব ।

সাধাৰণ জনতাৰ বাবে মুকলি দিল্লী-মীৰাট এক্সপ্ৰেছৱে
সাধাৰণ জনতাৰ বাবে মুকলি দিল্লী-মীৰাট এক্সপ্ৰেছৱে

নেশ্যনেল ডেস্ক,১ এপ্ৰিল: অৱশেষত মুকলি বহু প্ৰত্যাশিত দিল্লী-মীৰাট এক্সপ্ৰেছৱে । কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে এই পথটো সাধাৰণ জনতাৰ বাবে মুকলি কৰাৰ কথা ঘোষণা কৰে । এতিয়াৰে পৰা দুয়োখন চহৰৰ মাজত ভ্ৰমণৰ সময় তিনি ঘণ্টাৰ পৰা হ্ৰাস হৈ মাত্ৰ ৪৫ মিনিট হ'ব ।

ইফালে পথটোত বাহনৰ গতি প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে । মালবাহী বাহনৰ ক্ষেত্ৰতো প্ৰতি ঘণ্টাত সৰ্বাধিক ৮০ কি:মি: নিৰ্ধাৰণ কৰা হৈছে । এই পথ মুকলিৰ লগে লগে এতিয়া যানজঁট আৰু প্ৰদূষণৰ মাত্ৰা হ্ৰাস হ'ব বুলিও আশা কৰা হৈছে ।

এই এক্সপ্ৰেছৱে নিৰ্মাণৰ বাবে চৰকাৰে ব্যয় কৰিছে মুঠ ৮,৩৪৬ কোটি টকা । প্ৰকল্পটোৰ অধীনত মুঠ ৮২ কিলোমিটাৰ দীঘল পথৰ কাম সম্পূৰ্ণ কৰা হৈছে । ইয়াৰ ভিতৰত এক্সপ্ৰেছৱেৰ মুঠ দৈৰ্ঘ্য ৬০ কিলোমিটাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ২২ কিলোমিটাৰ ।

প্ৰকল্পটোৰ অধীনত মুঠ ২৪ খন সৰু-বৰ দলং আৰু ১০ খন উৰণীয়া সেতু নিৰ্মাণ কৰা হৈছে । এক্সপ্ৰেছৱে নিশা উজলাবলৈ পৰ্যাপ্ত ব্যৱস্থা কৰা হৈছে ৷ ৪,৫০০ৰো অধিক বিদ্যুতৰ খুঁটা স্থাপন কৰা হৈছে । নিৰাপত্তাৰ ব্যৱস্থাৰ বাবে ঠায়ে ঠায়ে চিচিটিভি কেমেৰাও স্থাপন কৰা হৈছে ।

এই এক্সপ্ৰেছৱেটো স্মাৰ্ট এক্সপ্ৰেছৱে হিচাপে নিৰ্মাণ কৰা হৈছে । দিল্লীৰ পৰা ভ্ৰমণ কৰা সময়ত এই পথটোত কেইবাটাও গেটৱে আছে । সেইকেইটা ক্ৰমে চৰাই কালে খান, অক্ষৰধাম মন্দিৰ, ইদিৰাপুৰম, দস্না, ভোজপুৰ আৰু মীৰাট ।

লগতে পঢ়ক:কলা যাদু, বলপূৰ্বক ধৰ্মান্তকৰণ প্ৰতিহত কৰাৰ বাবে ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল

ABOUT THE AUTHOR

...view details