নিউজ ডেস্ক, 4 মে’: ভূতৰ ওপৰত দানহ পৰাদি এইবাৰ দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ বিৰুদ্ধে ২০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল (ED files over 2000 pages charge sheet) ৷ প্ৰথমবাৰৰ বাবে দিল্লীৰ সুৰা কেলেংকাৰীৰ অভিযোগপত্ৰত নাম অন্তৰ্ভুক্ত হয় প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীৰ ৷ বৃহস্পতিবাৰে ইডিয়ে দাখিল কৰা ২,০০০ পৃষ্ঠাৰ অভিযোগনামাত তেওঁক সুৰা কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড হিচাপে অভিহিত কৰা হৈছে (2000 pages supplementary charge sheet)।
এইখন হৈছে ইডিৰ তৃতীয়খন অভিযোগনামা (2000 pages charge sheet against Manish Sisodia) ৷ যোৱা 28 এপ্ৰিলত ৰৌজ এভিনিউ আদালতে ইডিৰ মানী লণ্ডাৰিং গোচৰত ছিছোদিয়াৰ জামিন আবেদন নাকচ কৰিছিল (Manish Sidodia News)। ছিছোদিয়াই আজি দিল্লী উচ্চ ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে এখন আবেদন দাখিল কৰিছে ।
আবেদনখনত, ছিছোদিয়াই নিয়মীয়া আৰু অন্তৱৰ্তীকালীন দুয়োধৰণৰ জামিন বিচাৰিছে । এই সন্দৰ্ভত, আদালতে ইডিক এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে । এই জামিনৰ পৰৱৰ্তী শুনানি ১১ মে'ত হ'ব বুলি জানিব পৰা গৈছে । ছিছোদিয়াক ইডিয়ে আবকাৰী নীতিত লাভান্বিত কৰাৰ বিনিময়ত সুৰা ব্যৱসায়ীসকলৰ পৰা ১০০ কোটি টকা উৎকোচৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে (Manish Sidodia News update) ।