অসম

assam

Delhi liquor policy case: 16 মাৰ্চত পুনৰ কবিতাক ED য়ে চমন জাৰি কৰিছে চমন

By

Published : Mar 12, 2023, 10:41 PM IST

শনিবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰৰ কন্যা কে কবিতা দিল্লীত ED য়ে জেৰা চলায় ৷ লগতে লিপিবদ্ধ কৰে কবিতাৰ বক্তব্যও ৷ পুনৰ 16 মাৰ্চত কবিতাক ED য়ে চমন জাৰি কৰিছে (Kavitha summoned again on Mar 16)।

Delhi liquor policy case
দিল্লীত কেচিআৰৰ কন্যাক ED ৰ জেৰা

নেশ্যনেল ডেস্ক, 12 মাৰ্চ :দিল্লী আবকাৰী সুৰা নীতি কেলেংকাৰীৰ গোচৰৰ (Delhi liquor policy case) সৈতে জড়িত থকাৰ অভিযোগত ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা কে. কবিতাক শনিবাৰে 9 ঘণ্টা ধৰি জেৰা কৰে বিধি বলবৎকাৰী সঞ্চালকালয়ে । লগতে কবিতাৰ বক্তব্য লিপিবদ্ধও কৰে বিধি বলবৎকাৰী সঞ্চালকালয়ে (BRS leader Kavitha)৷

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ 44 বছৰীয়া কন্যাক 9 ঘণ্টাৰ সোধা-পোছাৰ অন্তত নিশা প্ৰায় 8 বজাত এ পি জে আব্দুল কালাম ৰোডত থকা ফেডাৰেল এজেন্সীৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই যায় । 16 মাৰ্চত পুনৰ কবিতাক চমন কৰিছে সংস্থাটোৱে (Kavitha summoned again on Mar 16)।

কবিতাৰ বেনামী বুলি অভিযুক্ত হায়দৰাবাদৰ ব্যৱসায়ী অৰুণ ৰামচন্দ্ৰ পিল্লাইক গ্ৰেপ্তাৰ কৰাৰ মাত্ৰ এদিন পিচতে ED য়ে কবিতালৈ চমন জাৰি কৰে । সোধা-পোছাৰ আগন্তুক সময়ত অৰুণ পিল্লাইৰ সৈতে কবিতাৰ মুখামুখি কৰিব তদন্তকাৰী সংস্থাটোৱে (Kavitha beneficiary of kickbacks in liquor scam)।

ED ৰ চমনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কবিতাৰ পিতৃ কে চন্দ্ৰশেখৰ ৰাওয়ে দৃঢ়তাৰে কয় যে তেওঁলোকৰ দলটোৱে গেৰুৱা দলৰ হাৰাশাস্তিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব । বি আৰ এছে কয় যে তদন্তকাৰী সংস্থাসমূহ বিজেপিৰ বৰ্ধিত বাহুত পৰিণত হৈছে ।

উল্লেখ্য যে, 10 মাৰ্চত কবিতাই মহিলা সংৰক্ষণ বিধেয়কখন দাখিল কৰি সংসদত গৃহীত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ য’ত বিধানসভাত মহিলাৰ বাবে 33 শতাংশ সংৰক্ষণৰ ব্যৱস্থা কথা আছিল । নতুন দিল্লীৰ যন্তৰ মন্তৰত কবিতাই সাব্যস্ত কৰিছিল এই প্ৰতিবাদ । এই প্ৰতিবাদৰ পিচতে তেলেংগানা বিজেপিৰ ভাৰপ্ৰাপ্ত তৰুণ চুঘে জেৰাৰ পৰা হাত সাৰিবলৈ এই প্ৰতিবাদক ‘নাটক’ আখ্যা দি তীব্ৰ সমালোচনা কৰে ।

চুঘে অভিযোগ কৰে যে দেশৰ দুখীয়া লোকক লুণ্ঠন কৰাৰ পিচত এই প্ৰতিবাদৰ উদ্দেশ্য হৈছে তদন্তকাৰী সংস্থাসমূহৰ দৃষ্টি আকৰ্ষণ কৰা । কবিতাৰ ভাতৃ তথা মন্ত্ৰী কে টি ৰামা ৰাৱে শুকুৰবাৰে তেওঁলোকৰ পিতৃৰ দিল্লীস্থিত বাসগৃহত উপস্থিত হয়, য’ত তেওঁ তদন্তকাৰী বিষয়াৰ সৈতে কথা পতাৰ আগতে তেওঁৰ ভগ্নীৰ সৈতেও এক বৈঠকত মিলিত হয় ।

লগতে পঢ়ক :ED to question BRS MLC Kavitha today: আজি ED ৰ জেৰাৰ সন্মুখীন হ’ব মুখ্যমন্ত্ৰী কন্যা কে কবিতা

ABOUT THE AUTHOR

...view details