নেশ্যেনেল ডেস্ক, 16 ডিচেম্বৰ :ৰাজধানীত সংঘটিত হোৱা ‘নিৰ্ভয়া কাণ্ড’ সেইটো ঘটনা আছিল, যিয়ে সমগ্ৰ দেশ কঁপাই তুলিছিল । ২০১২ চনৰ ১৬ ডিচেম্বৰত সংঘটিত হোৱা এই ঘটনাৰ পিচত চৰকাৰ সলনি হ’ল, ন্যায় ব্যৱস্থাৰ পৰিৱৰ্তন হ’ল, কিন্তু এই সকলোবোৰৰ মাজতো দিল্লীত মহিলাসকলৰ বিৰুদ্ধে অপৰাধ হ্ৰাস হোৱা নাই । এই কথা আমি কোৱা নাই, এই তথ্য শেহতীয়াকৈ ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ।
মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত দিল্লী শীৰ্ষত: দৰাচলতে ১৬ ডিচেম্বৰৰ সেই নিশা ছটা নৰ পিশাচে নিৰ্ভয়াক দলবদ্ধ ধৰ্ষণ কৰি চলন্ত বাছৰ পৰা পেলাই দিছিল । ২৯ ডিচেম্বৰত ছিংগাপুৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হোৱাত সমগ্ৰ দেশ ক্ষুব্ধ হৈ পৰিছিল । ইয়াৰ পিচতে বিভিন্ন স্থানত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি নিৰ্ভয়াৰ বাবে ন্যায়ৰ দাবী উত্থাপন কৰে । চাৰে সাত বছৰ ধৰি ফাষ্ট ট্ৰেক ক’ৰ্ট, দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত গোচৰৰ শুনানি গ্ৰহণ কৰাৰ পিচত অৱশেষত ২০২০ চনৰ ২০ মাৰ্চত চাৰিওটা দোষীক ফাঁচী দিয়াৰ সিদ্ধান্ত লোৱা হয় ৷ নিৰ্ভয়াই ন্যায় লাভ কৰিলে ঠিকেই, কিন্তু আজিও দেশৰ ১৯ খন মহানগৰত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ ক্ষেত্ৰত দিল্লী শীৰ্ষস্থানত আছে ।
2023 চনত আৰু বাঢ়িল ঘটনা :নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো (NCRB) ৰ প্ৰতিবেদন অনুসৰি ২০২১ চনৰ তুলনাত ২০২২ চনত দিল্লীত মহিলাৰ বিৰুদ্ধে অপৰাধ হ্ৰাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে পাইছে । দেশৰ ১৯ খন মহানগৰৰ ভিতৰত একেৰাহে তৃতীয় বছৰৰ বাবে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে দিল্লী । ২০২১ চনত প্ৰতিদিনে দুটাকৈ মহিলা ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল, যাৰ সংখ্যা ২০২২ চনত তিনিটালৈ বৃদ্ধি পাইছিল । যদি আমি পৰিসংখ্যা চাওঁ তেন্তে ২০২১ চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা আছিল ১৩,৮৯২, যিটো ২০২২ চনত ১৪,১৫৮ লৈ বৃদ্ধি পায় ।