নেশ্যনেল ডেস্ক,4 মে': শুল্ক বিভাগৰ অনুমোদন লাভ নকৰাৰ বাবে স্থগিত কৰা ৰখা অক্সিজেন কনচেনট্ৰেটৰ যোগান সন্দৰ্ভত বিস্তৃত তথ্য জনাবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিলে দিল্লী উচ্চ ন্যায়ালয়ে । মেক্স হাস্পতালৰ হৈ অধিবক্তা কৃষ্ণণ বেণুগোপালে দিল্লী উচ্চ ন্যায়ালয়ক জনায় যে, মেক্স হাস্পতালৰ ৩,০০০ অক্সিজেন কনচেণ্ট্ৰেটৰ শুল্ক বিভাগে আবদ্ধ কৰি ৰাখিছে ।
তেওঁ কয় যে, যদি দিল্লী চৰকাৰে অক্সিজেন কনচেণ্ট্ৰেটৰ, টেংকাৰ আদিৰ বাবে পুঁজিৰ যোগান ধৰে, তেন্তে চিকিৎসালয় কৰ্তৃপক্ষই ব্যক্তিগতভাৱে বহু লোকৰ পৰা পুঁজি সংগ্ৰহ কৰাৰ চেষ্টা কৰিব । আনহাতে, দিল্লী চৰকাৰৰ হৈ জ্যেষ্ঠ অধিবক্তা ৰাহুল মেহৰাই কয় যে, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ইতিমধ্যে মহামাৰীৰ বাবে ব্যয় কৰা হৈছে ৷ চৰকাৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ একাউণ্ট নম্বৰ প্ৰচাৰৰ কৰাৰ ওপৰত গুৰুত্ব দিব ।