নেশ্যনেল ডেস্ক, ১৬ জানুৱাৰী :ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত বিজেপিৰ প্ৰাক্তন বিধায়কক জামিন ৷ নাবালিকা ধৰ্ষণৰ গোচৰত শাস্তি ভুগি থকা বিজেপিৰ প্ৰাক্তন বিধায়ক কুলদীপ সিং চেংগাৰক দিল্লী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে সকাহ (Delhi High Court grants interim bail to expelled BJP MLA Kuldeep Singh Sengar)। বিজেপিৰ বহিষ্কৃত বিধায়ক কুলদীপ সিং চেংগাৰক আদালতে মঞ্জুৰ কৰিছে অন্তৱৰ্তীকালীন জামিন । কন্যাৰ বিয়াৰ বাবে অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে।
আদালতত কুলদীপ চেংগাৰৰ হৈ অধিবক্তাই যুক্তি দৰ্শায় কয় যে কুলদীপ চেংগাৰৰ কন্যাৰ বিবাহ ৮ ফেব্ৰুৱাৰীত । ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব বিবাহ অনুষ্ঠান । সেয়ে কন্যাৰ বিয়াত উপস্থিত থাকিবৰ বাবে আদালতৰ পৰা দুমাহৰ বাবে জামিন বিচাৰিছে ধৰ্ষণৰ গোচৰত শাস্তি ভুগি থকা বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে । উল্লেখ্য যে, ২০১৭ চনত কুলদীপ চেংগাৰৰ বিৰুদ্ধে নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল । এই গোচৰত চেংগাৰক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডেৰে শাস্তি বিহা হৈছে (Life time imprisonment to BJP MLA Kuldeep Singh Sengar) ।
ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু তালৱন্ত সিঙৰ বিভাগীয় বিচাৰপীঠে বিষয়টো ২২ ডিচেম্বৰত শুনানিৰ বাবে আন এখন বিচাৰপীঠৰ সন্মুখত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল । ৮ ফেব্ৰুৱাৰীৰ দিনা কন্যাৰ বিয়াত উপস্থিত থাকিবলৈ চেংগাৰে দুমাহৰ বাবে অন্তৱৰ্তীকালীন জামিন বিচাৰি আদালতত আবেদন জনাইছিল । তেওঁৰ অধিবক্তাই আদালতত ১৮ জানুৱাৰীৰ পৰা বিয়াৰ অনুষ্ঠান আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে ।