অসম

assam

ETV Bharat / bharat

ক'ভিড বিধি উলংঘন কৰা বিমান সেৱাৰ বিৰুদ্ধে এজাহাৰ

দিল্লী চৰকাৰৰ এক সূত্ৰই জানিবলৈ দিয়া মতে মহাৰাষ্ট্ৰৰ পৰা অহা যাত্ৰীসকলৰ আৰটিপিচিআৰ পৰীক্ষাৰ প্ৰতিবেদন পৰীক্ষা কৰাত ব্যৰ্থ হোৱাৰ বাবে চাৰিটাকৈ বিমান সেৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । সূত্ৰটোৱে জনোৱা মতে এই গোচৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত দাখিল কৰা হৈছে ।

ক'ভিড বিধি উলংঘন কৰা ৪ টা বিমান সেৱাৰ বিৰুদ্ধে দিল্লী চৰকাৰৰ এজাহাৰ
ক'ভিড বিধি উলংঘন কৰা ৪ টা বিমান সেৱাৰ বিৰুদ্ধে দিল্লী চৰকাৰৰ এজাহাৰ

By

Published : Apr 18, 2021, 8:53 PM IST

নেশ্যনেল ডেস্ক,১৮ এপ্ৰিল: দেশত কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে মহামাৰীকলৈ গাফিলতি কৰাৰ অভিযোগত চাৰিটাকৈ বিমান সেৱাৰ বিৰুদ্ধে গোচৰ ৰুজু । দিল্লী চৰকাৰৰ এক সূত্ৰই জানিবলৈ দিয়া মতে মহাৰাষ্ট্ৰৰ পৰা অহা যাত্ৰীসকলৰ আৰটিপিচিআৰ পৰীক্ষাৰ প্ৰতিবেদন পৰীক্ষা কৰাত ব্যৰ্থ হোৱাৰ বাবে চাৰিটাকৈ বিমান সেৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । সূত্ৰটোৱে জনোৱা মতে এই গোচৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত দাখিল কৰা হৈছে ।

দিল্লী চৰকাৰে যোৱা সপ্তাহত ঘোষণা কৰিছিল যে মহাৰাষ্ট্ৰৰ পৰা দিল্লীলৈ যাত্ৰা কৰা যিকোনো ব্যক্তিয়ে আগমনৰ ৭২ ঘণ্টা আগতে নিগেটিভ আৰটিপিচিআৰ প্ৰতিবেদন দেখুওৱাতো বাধ্যতামূলক । অন্যথা যাত্ৰীসকলক ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত ৰখা হ'ব । চহৰখনত কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছিল ।

চৰকাৰে চহৰখনৰ দুখন ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছে । সূত্ৰৰ মতে হাস্পতাল কেইখনে বিশেষ এপত ৰোগীৰ বিচনা উপলব্ধ হোৱাৰ বিষয়ে ভূৱা তথ্য প্ৰদান কৰিছিল । মুখ্যমন্ত্ৰী কেজৰিৱালে শনিবাৰে চিকিৎসালয় সমূহক কঠোৰ ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণী কৰিছিল ৷

লগতে পঢ়ক:মধ্য প্ৰদেশত অক্সিজেনৰ অভাৱত মৃত্যু ১২ গৰাকী ক'ভিড ৰোগীৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details