নেশ্যনেল ডেস্ক,১ আগষ্ট : দিল্লীত সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰৰ ম্যাদ বৃদ্ধি(liquor shortage in Delhi) । ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হ'ল সময়সীমা(Delhi govt extends liquor license period) । দেওবাৰে ৩১ আগষ্টলৈ সময়সীমা বৃদ্ধি কৰাৰ পাছত সোমবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে দিল্লী চৰকাৰে । দিল্লীত ৪৬৮ নম্বৰৰ ব্যক্তিগত সুৰাৰ দোকানসমূহে ৩১ জুলাইত তেওঁলোকৰ অনুজ্ঞাপত্ৰৰ ম্যাদ উকলি যোৱাৰ পিছত সোমবাৰৰ পৰা দোকান বন্ধ কৰাৰ কথা আছিল ।
অৱশ্যে, এলজিৰ সন্মতিৰ আৰু আবকাৰী বিভাগৰ নিৰ্দেশৰ পিছতহে সুৰাৰ দোকানবোৰ খোলা হ'ব বুলি এক তথ্য প্ৰকাশ পাইছে । দিল্লী চৰকাৰে আবকাৰী নীতি ২০২১-২২ ৰ জৰিয়তে অধিক ৰাজহ সংগ্ৰহ কৰাৰ আকাংক্ষিত উদ্দেশ্য প্ৰাপ্ত কৰিবলৈ সক্ষম হোৱা নাই আৰু প্ৰক্ৰিয়াগত ত্ৰুটিৰ অভিযোগত ইয়াৰ কাৰ্যকৰীকৰণ নিৰীক্ষণৰ অধীনত আছে । গতিকে পুৰণি আবকাৰী ব্যৱস্থালৈ ঘূৰি যাবলৈ সংস্থাসমূহৰ জৰিয়তে চৰকাৰে সুৰাৰ দোকান চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিভাগীয় বিষয়াসকলে উল্লেখ কৰে ।
এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্যা অনুসৰি ১ ছেপ্টেম্বৰৰ পৰা ছমাহৰ বাবে সুৰাৰ চৰকাৰী দোকান খোলা থাকিব আৰু তেতিয়ালৈকে ব্যক্তিগত দোকানবোৰো চলি থাকিব । চৰকাৰে শনিবাৰে পুৰণি আবকাৰী ব্যৱস্থালৈ ঘূৰি যোৱাৰ কথা ঘোষণা কৰিছিল । লগতে উল্লেখ কৰিছিল যে, আবকাৰী নীতি ২০২১-২২ ৰ অধীনত চহৰখনত ৪৬৮ খন খুচুৰা সুৰাৰ দোকান চলি আছিল যাৰ অনুজ্ঞাপত্ৰ ৩১ জুলাইত উকলি গৈছে ।