নেশ্যনেল ডেস্ক,১৪ মে' :দিল্লীৰ মুণ্ডকা অঞ্চলৰ এটা তিনিমহলীয়া অট্টালিকাত শুকুৰবাৰে সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড (Fire at Delhi Mundka)। য'ত প্ৰায় ২৭ গৰাকী লোকৰ মৃত্যু হয় ৷ এই অগ্নিকাণ্ডত প্ৰায় ১২ গৰাকী লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে (27 killed 12 injured in Mundka fire) ।
অগ্নিকাণ্ডৰ পাছতে সেই স্থানত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । পৰিস্থিতিৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰীৰ সৈতে উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু মন্ত্ৰী সতীন্দ্ৰ জৈনও উপস্থিত হয় । মৰ্মান্তিক দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰাৰ লগতে নিহত প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ ১০ লাখকৈ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Delhi govt compensates families of Mundka fire victims)। আনহাতে আহতসকলকো ৫০ হাজাৰকৈ টকাৰ ক্ষতিপূৰণ দিব চৰকাৰে ।
লগতে ঘটনাটোৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । ইফালে অগ্নিকাণ্ডত একাংশ লোকৰ শৰীৰ বেয়াকৈ জ্বলি যোৱাৰ ফলত চিনাক্তকৰণত কিছু অসুবিধা আহিছে বুলিও জানিব পৰা গৈছে । এনে পৰিস্থিতিত, এফ.এছ.এল.ৰ জৰিয়তে ডি.এন.এ. পৰীক্ষা কৰিব বুলিও চৰকাৰে ঘোষণা কৰিছে ।