অসম

assam

ETV Bharat / bharat

Delhi Government 450 tests: দিল্লীৰ চৰকাৰী চিকিৎসালয়ত 450 টা পৰীক্ষা বিনামূলীয়া: ঘোষণা মুখ্যমন্ত্ৰীৰ - দিল্লী পৌৰ নিগম

দিল্লীবাসীৰ বাবে সুখবৰ কেজৰিৱাল চৰকাৰৰ ৷ 2023 চনৰ 1 জানুৱাৰীৰ পৰা দিল্লীৰ চৰকাৰী চিকিৎসালয়সমূহত 450 টাকৈ স্বাস্থ্যপৰীক্ষা বিনামূলীয়াকৰণৰ (450 tests free in all government hospital) ঘোষণা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে(Chief Minister Arvind Kejriwal)৷

delhi-government-has-decided-450-tests-free-in-all-its-hospitals
Delhi Government 450 tests: দিল্লীৰ চৰকাৰী চিকিৎসালয়সমূহত 450 টা পৰীক্ষা বিনামূলীয়াকৰণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

By

Published : Dec 13, 2022, 8:10 PM IST

নেশ্যনেল ডেস্ক, 13 ডিচেম্বৰ: নতুন বছৰত দিল্লীবাসীৰ বাবে সুখবৰ কেজৰিৱাল চৰকাৰৰ ৷ আগন্তুক 2023 চনৰ পৰা দিল্লীৰ চৰকাৰী চিকিৎসালয়সমূহত 450 টাকৈ স্বাস্থ্য পৰীক্ষা বিনামূলীয়াকৰণৰ (450 tests free in all government hospital) ঘোষণা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে(Chief Minister Arvind Kejriwal)৷ এই বিশেষ সুবিধা 1 জানুৱাৰীৰ পৰা দিল্লীৰ সকলো চৰকাৰী চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰত উপলব্ধ হ'ব ৷

অৰবিন্দ কেজৰিৱালৰ টুইট

ইয়াৰোপৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চৰকাৰী চিকিৎসালয় আৰু মহল্লা ক্লিনিকত ২৩৮ ৰো অধিক পৰীক্ষাৰ বাবে বিনামূলীয়া ব্যৱস্থা কৰাৰ বাবে স্বাস্থ্য বিভাগৰ এটা প্ৰস্তাৱত অনুমোদন জনাইছে । ৰাজধানী চহৰখনত এতিয়ালৈকে চৰকাৰে 212 টাকৈ স্বাস্থ্য পৰীক্ষা বিনামূলীয়াকৰণ কৰিছে ৷

লগতে পঢ়ক:Gujarat first government Skin Bank: ৰাজকোটত শীঘ্ৰে মুকলি হ'ব ৰাজ্যখনৰ প্ৰথম চৰকাৰী চৰ্ম বেংক

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই ঘোষণা সন্দৰ্ভত (Arvind Kejriwal announcement) কয় যে চৰকাৰৰ এই পদক্ষেপে যিসকল লোকে স্বাস্থ্যৰ পৰীক্ষা কৰিবলৈ অক্ষম তেওঁলোকক লাভান্বিত কৰিব ৷ প্ৰত্যেকগৰাকী লোকৰে অৰ্থনৈতিক স্থিতি নিৰ্বিশেষে উন্নত মানদণ্ডৰ স্বাস্থ্য আৰু শিক্ষা প্ৰদান কৰাই আমাৰ চৰকাৰৰ লক্ষ্য ৷

বৰ্তমান দিনত স্বাস্থ্যসেৱা অতি ব্যয়বহুল হৈ পৰিছে ৷ এতিয়াও আমাৰ ৰাজ্যত এনে বহুতো লোক আছে যিসকলে ব্যক্তিগত স্বাস্থ্যসেৱা বহন কৰিব নোৱাৰে ৷ আমাৰ এই পদক্ষেপে এনে অসহায় লোকসকলক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব ৷

উল্লেখ্য যে শেহতীয়াকৈ দিল্লীত হৈ যোৱা দিল্লী পৌৰ নিগমৰ (Delhi Municipal Corporation )নিৰ্বাচনত দলটো বিজয়ী হৈছিল ৷ আম আদমী পাৰ্টিয়ে (Aam Admi Party) 134 টা ৱাৰ্ডত জয়লাভ কৰিছিল ৷ আনহাতে বিজেপিয়ে 104 টা ৱাৰ্ড লাভ কৰি দ্বিতীয় স্থান লাভ কৰে, আনহাতে কংগ্ৰেছে 9 খন আসন লাভ কৰিছিল ৷

লগতে পঢ়ক:Chinese Border Incursions: সীমান্তত চীনা অনুপ্ৰৱেশৰ বাবে কংগ্ৰেছক দোষাৰোপ অমিত শ্বাহৰ

ABOUT THE AUTHOR

...view details