নেশ্যনেল ডেস্ক, ১৯ এপ্ৰিল: বৰ্ধিত ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিও ব্যৰ্থ হ'বলগীয়া হৈছে দিল্লী চৰকাৰ । দিল্লীত প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে অক্সিজেন আৰু ৰেমডেচিবিৰ ঔষধৰ ক্ৰয় আৰু যোগান নিৰীক্ষণৰ বাবে বিষয়াৰ দুটা দল নিয়োজিত কৰিছে । দেওবাৰৰ দিনটোত ৰাজধানী চহৰখনত দৈনিক আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হোৱাৰ তথ্য পঞ্জীয়ন কৰা হৈছে ।
দিল্লীত দেওবাৰে ২৫,৪৬২ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছে । চহৰখনত যদি তিনিটা নমুনা পৰীক্ষা কৰা হৈছে তেন্তে তাৰ ভিতৰত এটা নমুনা পজিটিভ হৈছে । স্বাস্থ্য বিভাগে জাৰি কৰা এক নিৰ্দেশ অনুসৰি, ৯ জন বিষয়াৰ এটা দলক অক্সিজেন ভৰোৱা প্ৰকল্পত নিযুক্তি দিয়া হ'ব আৰু অক্সিজেন যোগান ধৰোঁতাসকলৰ কাৰ্যকলাপ তদাৰক কৰা হ'ব । বিষয়াসকলে অক্সিজেন ফিলাৰ এজেঞ্চীৰ দ্বাৰা চিকিৎসা অক্সিজেন ক্ৰয় কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰিব ।