নেশ্যনেল ডেস্ক,১৩ জুলাই :ধাৰাসাৰ বৰষুণৰ পাছতে এতিয়া বান আশংকাত ভুগিছে দিল্লীবাসী । বৃহস্পতিবাৰে দিল্লীৰ মাজেৰে বৈ যোৱা যমুনাৰ জলস্তৰ ২০৮.৪৮ মিটাৰ লৈ বৃদ্ধি পাইছে । যাৰ ফলত দিল্লীৰ নাগৰিক সংস্থাই সম্ভাব্য বানপানীৰ মোকাবিলা কৰিবলৈ যুদ্ধংদেহি মনোভাৱেৰে প্ৰস্তুতি আৰম্ভ কৰিছে । পুৰণি ৰে'লৱে দলঙত পুৱা ৮ বজাত যমুনাৰ জলস্তৰে ৪৫ বছৰ অভিলেখ ভংগ কৰিছে । জলস্তৰ বৃদ্ধিয়ে নৈৰ ওচৰৰ বাসিন্দাসকলক চিন্তিত কৰি তুলিছে ।
২০১৩ চনৰ পাছত প্ৰথমবাৰৰ বাবে বুধবাৰে পুৱা ৪ বজাত পানীৰ স্তৰ ২০৭ মিটাৰ অতিক্ৰম কৰিছে । নিশা ১১ বজালৈ ই ২০৮.০৮ মিটাৰ অতিক্ৰম কৰে । জলস্তৰ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ সমীপৰ অঞ্চলবোৰত বানপানীৰ আশংকা কৰিছে কেন্দ্ৰীয় জল আয়োগে । আনহাতে আয়োগে ইয়াক "চৰম পৰিস্থিতি" হিচাপে বৰ্ণনা কৰিছে ।
এনে পৰিস্থিতিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিছে । দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ লিখি হাৰিয়ানাৰ হাতনিকুণ্ড বেৰেজৰ পৰা পানী এৰি দিয়াৰ পৰামৰ্শ দিছে । মুখ্যমন্ত্ৰীয়ে কেইসপ্তাহমানৰ ভিতৰত জি-২০ সন্মিলনৰ বৈঠক আয়োজনৰ বাবে প্ৰস্তুত হোৱা ৰাষ্ট্ৰীয় ৰাজধানীৰ প্ৰতি গৃহ মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণৰো চেষ্টা কৰিছে ।