অসম

assam

By

Published : May 23, 2021, 3:59 PM IST

ETV Bharat / bharat

দিল্লীত এসপ্তাহলৈ বৃদ্ধি লকডাউন

মহামাৰীৰ দ্বিতীয় ঢৌত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ৰাজধানীখনত ১৯ এপ্ৰিলৰ পৰা লকডাউন চলি আছে । দেওবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰা মতে যদি কৰ'ণা আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা ধাৰা অব্যাহত থাকে তেনেহ'লে অহা ৩১ মে'ৰ পৰা আৰম্ভ হ'ব আনলক প্ৰক্ৰিয়া ।

Delhi extends lockdown
দিল্লীত এসপ্তাহলৈ বৃদ্ধি লকডাউন

নেশ্যনেল ডেস্ক, ২৩ মে':দিল্লীত পুনৰ এসপ্তাহলৈ বৃদ্ধি কৰা হ'ল লকডাউন । দেওবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰা মতে যদি কৰ'ণা আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ ধাৰা অব্যাহত থাকে তেনেহ'লে অহা ৩১ মে'ৰ পৰা আৰম্ভ হ'ব আনলক প্ৰক্ৰিয়া ।

এক সংবাদমেল সম্বোধন কৰি কেজৰিৱালে কয় যে ৰাজ্যত আক্ৰান্তৰ হাৰ ২.৫ শতাংশলৈ হ্ৰাস পাইছে, যিহেতু যোৱা ২৪ ঘণ্টাত মাত্ৰ ১,৬০০ টা নতুন ঘটনা পোহৰলৈ আহিছে । যাৰ বাবে ৩১ মে' পুৱা ৫ বজালৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে । তেওঁ লগতে কয় যে আনলক প্ৰক্ৰিয়াত সকলোবোৰ একেলগে খুলি নিদিয়ে । পৰ্যায়ক্ৰমেহে সকলো মুকলি কৰা হ'ব ।

উল্লেখ্য যে, মহামাৰীৰ দ্বিতীয় ঢৌত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ৰাজধানীখনত ১৯ এপ্ৰিলৰ পৰা লকডাউন চলি আছে । শনিবাৰে দিল্লী হেল্থ বুলেটিন অনুসৰি বিগত ২৪ ঘণ্টাত ২,২৬০ গৰাকী নতুনকৈ কৰ'ণা ৰোগী ধৰা পৰিছে যিটো এই বছৰৰ ৩১ মাৰ্চৰ পিছত সৰ্বনিম্ন সংখ্যা ।

ইয়াৰ মাজতে কেজৰিৱালে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখে য'ত তেওঁ উল্লেখ কৰে যে দিল্লীক তিনি মাহত টীকাকৰণৰ বাবে প্ৰতি মাহে ৮০ লাখ ভেকছিন পালিৰ প্ৰয়োজন ।

লগতে পঢ়ক:যুৱকক চৰ মাৰি অৱশেষত ক্ষমা বিচাৰিলে উপায়ুক্তই

ABOUT THE AUTHOR

...view details