নেশ্যনেল ডেস্ক, 8 অক্টোবৰ: দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত তিনিখন ৰাজ্যৰ ৩৫টাকৈ স্থানত অভিযান চলাই থকাৰ সময়তে প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) দিল্লীৰ এজন ব্যৱসায়ীৰ ঘৰৰ পৰা ১ কোটি টকা জব্দ কৰিছে (ED seizes Rs 1 cr from businessman house)৷ শনিবাৰে সংস্থাটোৱে নগদ এক কোটি টকা জব্দ কৰাৰ পিছতে ইডিয়ে ব্যৱসায়ীজনক পৰৱৰ্তী সময়ত জেৰাৰ কাৰণে মাতিব বুলি জানিবলৈ দিয়ে ৷ যদিও ইডিয়ে এতিয়ালৈ ব্যৱসায়ীজনৰ নাম প্ৰকাশ কৰা নাই ৷
শুকুৰবাৰে তদন্তকাৰী সংস্থাটোৱে পঞ্জাৱ, দিল্লী আৰু অন্ধ্ৰপ্ৰদেশৰ ৩৫ টাতকৈও অধিক স্থানত দিনজোৰা অভিযান চলাই থকাৰ সময়তে ব্যৱসায়ীজনৰ ঘৰতো তালাচী চলোৱা হৈছিল (ED conducting raids in 35 locations)। কেন্দ্ৰীয় সংস্থাটোৰ জিম্মাত থকা অভিযুক্ত সমীৰ মহেন্দ্ৰুক জেৰা কৰাৰ পিছত এই অভিযান চলায় ইডিয়ে ৷
অভিযানকাৰী দলটোয়ে এই গোচৰত পঞ্জাৱ আৰু অন্ধ্ৰ প্ৰদেশৰ সম্পৰ্কৰ বিষয়ে অৱগত হৈছিল । হায়দৰাবাদত কেইবাটাও দলে কেলেংকাৰীৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত একাংশ নিৰ্মাতা আৰু ব্যৱসায়িক স্থানত অভিযান চলাইছে ।