নেশ্যনেল ডেস্ক,২৬ মে':আদালতে আংশিকভাৱে মঞ্জুৰ কৰিছে ৰাহুল গান্ধীৰ পাছপোৰ্টৰ আবেদন (Court partially granted Rahul plea for passport)। দিল্লীৰ এখন আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পাছপোৰ্টৰ আবেদন মঞ্জুৰ কৰাৰ লগতে তিনি বছৰৰ এনঅ'চি জাৰী কৰিছে (Court issued 3 year NOC for passport)।
উল্লেখ্য যে ৰাহুল গান্ধীয়ে সাধাৰণ পাছপোৰ্টৰ বাবে আবেদন কৰিছিল কাৰণ তেওঁ সংসদৰ সদস্য হিচাপে অযোগ্য ঘোষণা হোৱাৰ পাছতে তেওঁ কূটনৈতিক পাছপোৰ্ট দাখিল কৰিব লগা হৈছিল (Rahul appealed for an ordinary passport)। ৰাহুল গান্ধীৰ অধিবক্তাক উদ্দেশ্যি আদালতে কয় যে ১০ বছৰৰ পৰিবৰ্তে ৩ বছৰৰ বাবে হে আংশিকভাৱে আবেদনত অনুমতি দিয়া হৈছে ।
ৰাহুল গান্ধী বৰ্তমান নেচনেল হেৰাল্ড গোচৰৰ অভিযুক্ত (National Herald case)। বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে এই সন্দৰ্ভত অভিযোগ দিছিল । শুকুৰবাৰে পুৱা আদালতে ৰাহুল গান্ধীৰ আবেদন সন্দৰ্ভত এক শুনানিত অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান দণ্ডাধীশ বৈভৱ মেহতাই দুয়োপক্ষৰ যুক্তি শুনি আদেশটো সংৰক্ষিত ৰাখে ।