নেশ্যনেল ডেস্ক, ৩ অক্টোবৰ :যোৱা ২৪ ছেপ্টেম্বৰত উত্তৰ-পশ্চিম দিল্লীৰ ৰোহিণী আদালতৰ ২০৭ নম্বৰ কোঠাত সংঘটিত হৈছিল গুলীয়াগুলিৰ ঘটনা । গুলীচালনাত কুখ্যাত অপৰাধী গেংষ্টাৰ জীতেন্দ্ৰ মান 'গোগী' আৰু আন দুজন অপৰাধী নিহত হয় । অতিৰিক্ত সত্ৰ ন্যায়াধীশ গগণদীপ সিঙৰ আদালতত উকীলৰ ছদ্মবেশত অহা দুজন লোকে গেংষ্টাৰ জিতেন্দ্ৰ গোগীৰ ওপৰত গুলীচালনা কৰিছিল । আৰক্ষীয়েও আক্ৰমণকাৰীৰ বিৰুদ্ধে গুলীচালনা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হয় ।
এই ঘটনাৰ পাছতে সমগ্ৰ দেশত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । ইয়াৰ পাছতে নিম্ন আদালতৰ নিৰাপত্তা ব্যৱস্থাক লৈও বিভিন্ন মহলত প্ৰশ্ন উঠিছিল । ইফালে উক্ত ঘটনাত গেংষ্টাৰ গোগীক গুলীয়াইছিল টিলু তাজপুপ্ৰিয়া গেঙৰ সদস্যই । যাৰ বাবে দুয়োটা গেঙৰ মাজত তীব্ৰ সংঘাত সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে ।