ETV Bharat Assam

অসম

assam

ETV Bharat / bharat

দিল্লী আদালতে ২৭ জুলাইলৈ স্থগিত ৰাখিলে সুনন্দা পুষ্কৰৰ মৃত্যুৰ গোচৰৰ শুনানি - সুনন্দা পুষ্কৰৰ মৃত্যুৰ গোচৰ

সুনন্দা পুষ্কৰৰ মৃত্যুৰ সৈতে স্বামী শশী থাৰুৰ জড়িত থকা বুলি উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ শুনানি দিল্লী আদালতে ২৭ জুলাইলৈ শুনানি স্থগিত কৰিছে । বৰ্তমান জামিন লাভ কৰিছে শশী থাৰুৰে ।

Delhi court adjourned the passing of order on framing of charges against shashi tharoor
সুনন্দা পুষ্কৰৰ মৃত্যুৰ গোচৰৰ শুনানি ২৭ জুলাইলৈ শুনানি স্থগিত ৰাখিলে দিল্লী আদালতে
author img

By

Published : Jul 2, 2021, 7:57 PM IST

নেশ্যনেল ডেস্ক, ২ জুলাই: পুনৰ সুনন্দা পুষ্কৰৰ মৃত্যুৰ ঘটনাৰ গোচৰৰ শুনানি স্থগিত ৰাখিলে দিল্লীৰ ৰাউজ এভিনিউ আদালতে(Rouse Avenue Court) । শুকুৰবাৰে গোচৰটোৰ শুনানি গ্ৰহণ কৰাৰ কথা আছিল যদিও আদালতে ২৭ জুলাইলৈ স্থগিত ৰাখে । সুনন্দা পুষ্কৰৰ মৃত্যুৰে স্বামী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰ জড়িত থকাৰ অভিযোগ তুলি ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 498-A আৰু 306 ৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছিল । অৱশ্যে, বৰ্তমান জামিনত আছে শশী থাৰুৰ ।

সুনন্দা পুষ্কৰৰ পৰিয়ালে শশী থাৰুৰৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল । বিশেষ ন্যায়াধীশ গীতাঞ্জলি গোৱেলে দুয়ো পক্ষৰ যুক্তি শুনাৰ পিছত আদেশ স্থগিত ৰাখে । চৰকাৰী অধিবক্তাই যুক্তি দৰ্শাইছিল যে, পুষ্কৰ মানসিক অত্যাচাৰৰ বলি হৈছিল আৰু তাৰ পৰিণতিতে তেওঁৰ স্বাস্থ্যৰ অৱস্থা বেয়া হৈছিল । তেওঁ লগতে কৈছিল যে, এয়া দুৰ্ভাগ্যজনক মৃত্যু নহয় ।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি বিষক্ৰিয়াৰ ফলতহে সুনন্দা পুষ্কৰৰ মৃত্যু হৈছে । সেই বিষক্ৰিয়া প্ৰকৃততে সুনন্দাই নিজে লৈছিল নে স্বামীয়ে দিছিল সেয়া স্পষ্ট নহয় । তেওঁ লগতে কৈছিল যে, স্বামীৰ বিশ্বাসঘাটকতাৰ বাবেই মানসিক অশান্তিত ভুগি আছিল সুনন্দা পুস্কৰে ।

ইফালে, থাৰুৰৰ অধিবক্তা বিকাশ পাহৱাই কয় যে, এই সকলো যুক্তিৰ সপক্ষে অভিযোগকাৰীয়ে নেতাজনৰ বিৰুদ্ধে কোনো প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হোৱা নাই আৰু পুষ্কৰৰ দেহত বিহযুক্ত বেজী দিয়াৰ কথা কেৱল উৰাবাতৰিহে । অধিবক্তা পাহৱাই এই গোচৰটোৰ পৰা থাৰুৰক আঁতৰাই ৰখাটো বিচাৰিছিল । তেওঁ যুক্তি দৰ্শাইছিল যে, থাৰুৰে পুষ্কৰক মানসিক বা শাৰীৰিকভাৱে হাৰাশাস্তি কৰা নাছিল ।

উল্লেখ্য যে, ২০১৪ চনৰ ১৭ জানুৱাৰীত সুনন্দা পুষ্কৰক এখন বিলাসী হোটেলৰ কোঠাত মৃত অৱস্থাত পোৱা গৈছিল । ইয়াৰ পাছতে সুনন্দাৰ পৰিয়ালৰ লোকে থাৰুৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । এই অভিয়োগৰ ভিত্তিতে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত শশী থাৰুৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক:ড্ৰোণ আক্ৰমণ সন্দৰ্ভত কি ক'লে জম্মুৰ বায়ু সেনা বাহিনীৰ জোৱানে !

ABOUT THE AUTHOR

...view details