অসম

assam

ETV Bharat / bharat

জামিন পালে গণৰাজ্য দিৱসৰ হিংসাত্মক কাৰ্যত জড়িত ইকবালে - উত্তেজিত কৰিছিল

কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত গণৰাজ্য দিৱসত হিংসাত্মক ঘটনা সম্পৰ্কীয় গোচৰত অভিযুক্ত ইকবাল সিঙৰ জামিন ৷ দিল্লীৰ এখন আদালতৰ বিশেষ ন্যায়াধীশ নীলোফাৰ আবিদা পাৰভিনে ভালেমান চৰ্ত আৰোপ কৰি জামিন প্ৰদান কৰে অভিযুক্ত ইকবাল সিঙক ৷

delhi-court-grants-bail-to-iqbal-singh-accused-in-republic-day-violence-case etv bharat news
গণৰাজ্য দিৱসত হিংসাত্মক ঘটনাত অভিযুক্ত ইকবাল সিঙৰ জামিন

By

Published : Apr 25, 2021, 6:23 PM IST

নেচনেল ডেস্ক, 25 এপ্ৰিল :কেন্দ্ৰৰ তিনি কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত গণৰাজ্য দিৱসত হিংসাত্মক ঘটনা সম্পৰ্কীয় গোচৰত অভিযুক্ত ইকবাল সিঙক দিল্লীৰ এখন আদালতে জামিন প্ৰদান কৰিছে ৷ ব্যক্তিগত জামানতৰ অধীনত বিশেষ ন্যায়াধীশ নীলোফাৰ আবিদা পাৰভিনে অভিযুক্ত ইকবাল সিঙক জামিন প্ৰদান কৰে ৷ জামিন প্ৰদান কৰি আদালতে অভিযুক্ত ইকবাল সিঙক তেওঁ ব্যৱহাৰ কৰিবলগীয়া ম'বাইল ফোন নম্বৰটো উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে এইটোও নিশ্চিত কৰিবলৈ কয় যাতে তেওঁ ব্যৱহাৰ কৰা ম'বাইল ফোন নম্বৰটোৰ অৱস্থান সকলো সময়তে সক্ৰিয় হৈ থাকে আৰু প্ৰতিটো কেলেণ্ডাৰ মাহৰ প্ৰথম আৰু পঞ্চদশ দিনত তেওঁৰ অৱস্থান সম্পৰ্কে অনুসন্ধানকাৰী বিষয়াক টেলিফোনযোগে নিশ্চিত কৰে ।

অভিযুক্ত ইকবাল সিঙৰ ওপৰত ভালেমান চৰ্ত আৰোপ কৰি আদালতে কয় যে আগতীয়া অনুমতি অবিহনে তেওঁ দেশৰ বাহিৰত ভ্ৰমণ কৰিব নোৱাৰিব ৷ প্ৰতিটো শুনানিৰ সময়ত নিষ্ঠাৰে আদালতত হাজিৰ হ’ব লাগিব ৷ তদুপৰি বিচাৰ প্ৰক্ৰিয়াত কোনো ধৰণে পলম বা হস্তক্ষেপ কৰিব নোৱাৰিব ৷ সাক্ষীসকলক ভাবুকি অথবা প্ৰভাৱ পেলাব নোৱাৰিব ৷ যিকোনো ধৰণৰ প্ৰমাণৰ সৈতে খেলিমেলি কৰিব নোৱাৰিব ৷ অভিযুক্ত ইকবাল সিঙৰ হৈ আদালতত প্ৰতিনিধিত্ব কৰিছিল অধিবক্তা জশপ্ৰীত এছ ৰায় আৰু জশদীপ ধিলনে ৷ উল্লেখ্য যে, ইকবাল সিঙৰ বিৰুদ্ধে ২৬ জানুৱাৰীত লালকিল্লাত সংঘটিত হিংসা আৰু সংঘাত সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ষ্টেচনৰ এছএইচঅ'ৰ বিবৃতিৰ ভিত্তিত ২৭ জানুৱাৰীত কোতৱালীত এটা গোচৰ ৰুজু কৰিছিল ।

আৰক্ষীৰ অভিযোগ অনুসৰি ইকবাল সিং উচ্ছৃংখল জনতাৰ সদস্য আছিল ৷ প্ৰতিবাদী সমদলৰ বাবে চৰকাৰী পথ অৱজ্ঞা কৰি বেৰিকেড ভাঙি, লালকিল্লাৰ মূল দুৱাৰ ভাঙি ধৰ্মীয় পতাকা উত্তোলন কৰিবলৈ জনতাক উত্তেজিত কৰিছিল ৷ অভিযুক্ত ইকবাল সিঙে নিজে নিশান চাহিব হাতত লৈ লালকিল্লাৰ প্ৰাচীৰত উপস্থিত আছিল ৷ যেতিয়া সহ-অভিযুক্তজনে ধৰ্মীয় পতাকা উত্তোলন কৰিছিল তেতিয়া সেই সকলোবোৰ তেওঁ ফেচবুকত পোনপটীয়াকৈ বন্দী কৰিছিল ৷ লালকিল্লাৰ মুখ্য দ্বাৰৰ নিৰাপত্তাৰক্ষীসকলৰ বিৰুদ্ধে উগ্ৰ জনতাক ভিতৰলৈ সোমাবলৈ উত্তেজিত কৰিছিল আৰু প্ৰয়োজন হ'লে বল প্ৰয়োগ কৰি মূল গেট ভাঙিবলৈ জনতাক জাগ্ৰত কৰিছিল বুলি আৰক্ষীয়ে অভিযোগ কৰে ৷

লগতো পঢ়ক :কৃত্ৰিম বানৰ কবলত বাংগালুৰুৰ বহু অঞ্চল

ABOUT THE AUTHOR

...view details