নিউজ ডেস্ক, 30 জুলাই : পশ্চিম দিল্লীৰ পাঞ্জাৱী বাগৰ ৰোহটক পথত দেওবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত নিহত হয় দিল্লী আৰক্ষীৰ এজন পৰিদৰ্শক ৷ এখন ট্ৰাকে খুন্দা মৰাৰ ফলত নিৰাপত্তা শাখাৰ দিল্লী আৰক্ষী পৰিদৰ্শকজন নিহত হয় বুলি সূত্ৰ অনুসৰি জানিব পৰা গৈছে ৷ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, দেওবাৰে পুৱতি নিশা মাডিপুৰ মেট্ৰ’ ষ্টেচনৰ সমীপৰ ৰোহটক ৰোডত এক দুৰ্ঘটনা সংঘটিত হয়, য’ত এখন গাড়ীক পিছফালৰ পৰা এখন ট্ৰাকে খুন্দা মাৰে ৷
পুলিচ কণ্ট্ৰল ৰুমক ঘটনা সন্দৰ্ভত খবৰ দিয়াত এটা দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় ৷ বিষয়াগৰাকীয়ে কয় যে, যান্ত্ৰিক বিজুতিৰ বাবে গাড়ীখন এই স্থানত আৰু তেতিয়াই পিছফালৰ পৰা ট্ৰাকখনে খুন্দা মাৰে ৷ লগতে বাহিৰত থিয় হৈ থকা গাড়ীখনৰ চালকজনকো খুন্দা মাৰে ট্ৰাকে ৷ তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয় ৷ আইএনএছৰ এক প্ৰতিবেদন অনুসৰি নিহত লোকজন বৰ্তমান নিৰাপত্তা ইউনিটত কৰ্মৰত দিল্লী আৰক্ষীৰ পৰিদৰ্শক জগবীৰ সিং বুলি চিনাক্ত কৰা হৈছে ৷