অসম

assam

ETV Bharat / bharat

Congress protest in Delhi: মনীষ চিছোদিয়াৰ বাসগৃহৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ - Delhi Congress protest outside Deputy Chief Minister residence

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহৰ সন্মুখত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে (Delhi Congress protest outside Deputy Chief Minister residence)। মহানগৰ চৰকাৰৰ আবকাৰী নীতি-নিয়ম উলংঘন আৰু প্ৰক্ৰিয়াগত ত্ৰুটিৰ অভিযোগত পদত্যাগৰ দাবী জনাই সাব্যস্ত কৰে এই প্ৰতিবাদ ।

Congress protest in Delhi
আবকাৰী নিয়ম উলংঘনৰ প্ৰতিবাদ কংগ্ৰেছৰ

By

Published : Jul 25, 2022, 7:55 PM IST

নেচনেল ডেস্ক,২৫ জুলাই:দিল্লী কংগ্ৰেছে সোমবাৰে উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে (Delhi Congress protest outside Deputy Chief Ministerre sidence)। চৰকাৰৰ আবকাৰী নীতি- নিয়ম উলংঘন আৰু প্ৰক্ৰিয়াগত ত্ৰুটিৰ অভিযোগত পদত্যাগৰ দাবী জনাই এই প্ৰতিবাদ সাব্যস্ত কৰে । দলটোৰ নেতা আৰু কৰ্মীসকলে পাটপাৰগঞ্জত বেনাৰ লৈ উপ-মুখ্যমন্ত্ৰী চিছোদিয়া আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে শ্ল'গান দিয়ে (Congress slogan against Chief Minister Arvind Kejriwal)।

ইয়াৰ পূৰ্বে দিল্লী কংগ্ৰেছে শাসনাধিষ্ঠিত আম আদমী পাৰ্টিক "দুৰ্নীতিত আঁঠু ৰখা" বুলি অভিযোগ উত্থাপন কৰে । কংগ্ৰেছে ইতিমধ্য়ে সুৰা নীতিৰ তদন্ত বিচাৰি দিল্লীৰ আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানাক এখন লিখিত অভিযোগ দাখিল কৰিছে । আনহাতে, দিল্লীৰ ৰাজ্য়পাল লেফটেনেণ্ট ভি কে চাক্সেনাই শেহতীয়াকৈ নীতিৰ চিবিআই তদন্তৰ পৰামৰ্শ আগবঢ়াইছে ।

ৰাজভৱনৰ বিষয়াসকলে উল্লেখ কৰা মতে, দিল্লীৰ মুখ্য সচিবে দাখিল কৰা প্ৰতিবেদনৰ আধাৰত তদন্তৰ পৰামৰ্শ আগবঢ়োৱা হৈছে । ইয়াত ইচ্ছাকৃত প্ৰক্ৰিয়াগত ত্ৰুটিসহ প্ৰাথমিকভাৱে উলংঘন দেখুওৱা হৈছে যাতে পৰৱৰ্তী সুৰা অনুজ্ঞাপত্ৰধাৰী সকলক অযথা লাভালাভৰ সুযোগ দিয়া হয় ।

লগতে পঢ়ক:Bengal SSC Scam: জব্দকৃত বৃহৎ পৰিমানৰ ধন পৰিবহনৰ বাবে RBI ৰ সহায় বিচাৰিলে ED য়ে

For All Latest Updates

ABOUT THE AUTHOR

...view details