নেশ্যনেল ডেস্ক,৩০ ডিচেম্বৰ :১০ দিনীয়া বিপাসনা সাধনাৰ পৰা উভতিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । পাঞ্জাবৰ হোচিয়াৰপুৰত বিপাসনা সাধনাৰ অন্তত তেওঁ শনিবাৰে দিল্লীলৈ উভতি আহে । সামাজিক মাধ্যমৰ এটা পোষ্টত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সাধনাই অপৰিসীম শান্তি প্ৰদান কৰে । আজিৰে পৰা পুনৰ নতুন শক্তিৰে ৰাইজৰ সেৱা আৰম্ভ কৰিব বুলিও মুখ্যমন্ত্ৰী কেজৰিৱালে পোষ্টটোত উল্লেখ কৰে ।
উল্লেখ্য যে মুখ্যমন্ত্ৰী কেজৰিৱাল ১৯ ডিচেম্বৰৰ পৰা বিপাসনা সাধনাত আছিল । পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও হোচিয়াৰপুৰৰ বিপাসনা সাধনা কেন্দ্ৰৰ পৰা ওলাই যোৱাৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰীৰ সৈতে আছিল । চৰকাৰী সূত্ৰৰ মতে কেজৰিৱালে আবকাৰী নীতি কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত ৩ জানুৱাৰীত ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ সম্ভাৱনা আছে ।
ইয়াৰ পূৰ্বে ২২ ডিচেম্বৰত ইডিয়ে মুখ্যমন্ত্ৰী কেজৰিৱালক আবকাৰী নীতি কেলেংকাৰী গোচৰৰ সন্দৰ্ভত তৃতীয়টো চমন জাৰি কৰি ৩ জানুৱাৰীত কাৰ্যালয়ত হাজিৰ হ'বলৈ কৈছিল । কেজৰিৱালক ১৮ ডিচেম্বৰত ইডিয়ে দ্বিতীয়টো চমন জাৰি কৰিছিল আৰু তেওঁক ২১ ডিচেম্বৰত ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কৈছিল । দিল্লীৰ মুখ্যমন্ত্ৰীক প্ৰথমে কেন্দ্ৰীয় সংস্থাটোৱে ২ নৱেম্বৰত হাজিৰ হ'বলৈ কৈছিল । কিন্তু তেওঁ হাজিৰ হোৱা নাছিল । তেওঁ অভিযোগ কৰিছিল যে জাননীখন অস্পষ্ট, অনুপ্ৰেৰিত আৰু আইন সংগত নহয় ।
মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত অভিযোগ কৰিছিল যে উক্ত চমনটো ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত আছিল । মুখ্যমন্ত্ৰী কেজৰিৱালক এই বছৰৰ এপ্ৰিলত চিবিআইয়ে গোচৰটোত চমন জাৰি কৰিছিল । উল্লেখ্য যে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক চিবিআইয়ে দিল্লীৰ নতুন আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ।
লগতে পঢ়ক :ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী কেতিয়া হাজিৰ হ’ব ই ডিৰ কাৰ্যালয়ত, 31 ডিচেম্বৰৰ ভিতৰত উত্তৰ লাগে ই ডিক