নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ :বৰ্তমান ইণ্ডিয়া বনাম ভাৰত বিতৰ্ক তুংগত আছে । শাসক-বিৰোধী উভয়ে উঠি-পৰি লাগিছে এই বিতৰ্কত । আনহাতে, চলিত এই বিতৰ্ক সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰৰ শাসনাধিষ্ঠিত বিজেপিক ভাৰত সন্দৰ্ভত প্ৰশ্ন কৰিছে । কেজৰিৱালৰ প্ৰশ্ন, যদি শেহতীয়াকৈ গঠন হোৱা বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই নিজৰ নাম ভাৰতলৈ সলনি কৰে তেন্তে ভৱিষ্যতে পুনৰ এবাৰ ভাৰত নাম সলনি কৰিব নেকি ? আনহাতে, ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰ আপ নেতাগৰাকীয়ে দেশৰ নাম সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত তীব্ৰ আপত্তি দৰ্শাইছে ।
যদি ইণ্ডিয়া মিত্ৰজোঁটে নিজৰ নাম ভাৰতলৈ সলনি কৰে, তেন্তে বিজেপিয়ে 'ভাৰত'ৰ সলনি আন কিবা নাম ল'ব নেকি ? অৰবিন্দ কেজৰিৱালে প্ৰশ্ন কৰে । তেওঁ তামিলনাডুৰ মন্ত্ৰী উদয়ানিধিৰ মন্তব্যৰ পৰা সৃষ্টি হোৱা ৰাজনৈতিক ধুমুহাৰো প্ৰতিক্ৰিয়া ব্যক্ত কৰে । কেজৰিৱালে এই সন্দৰ্ভত কেৱল কয় যে সকলোৱে ইজনে সিজনৰ ধৰ্মক সন্মান কৰা উচিত আৰু আনৰ বিশ্বাসৰ বিৰুদ্ধে কথা নক'ব লাগে ।