অসম

assam

By

Published : Jul 20, 2021, 10:11 AM IST

ETV Bharat / bharat

‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড' আঁচনি ৰূপায়ণৰ নিৰ্দেশ দিল্লী কেবিনেটৰ

কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনি কাৰ্যকৰী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ উদ্দেশ্য হৈছে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (National Food Security Act)ৰ অধীনত সকলো প্ৰব্ৰজনকাৰী হিতাধিকাৰীক বায়’মেট্ৰিক প্ৰমাণীকৰণৰ দ্বাৰা একত্ৰিত কৰি দেশৰ যিকোনো চৰকাৰী সুলভ মূল্যৰ দোকানৰ পৰা ৰেচন কাৰ্ড ব্যৱহাৰ কৰি সামগ্ৰী ক্ৰয় কৰাৰ অধিকাৰ প্ৰদান কৰা ৷

‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড' আঁচনি ৰূপায়ণৰ নিৰ্দেশ দিল্লী কেবিনেটৰ
‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড' আঁচনি ৰূপায়ণৰ নিৰ্দেশ দিল্লী কেবিনেটৰ

নিউজ ডেস্ক, 20 জুলাই :ৰাষ্ট্ৰীয় ৰাজধানী চহৰত ৰাজহুৱা বিতৰণ আঁচনি (Public Distribution System)ৰ হিতাধিকাৰীসকলক বিনামূলীয়াকৈ ৰেচন বিতৰণ কৰাৰ বাবে 'এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড' (One Nation One Ration Card) পৰিকল্পনা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে দিল্লী কেবিনেটে (Delhi Cabinet) । হিতাধিকাৰীসকলে দিল্লীৰ সকলো চৰকাৰী সুলভ মূল্যৰ দোকানত ন্যাৰ্য মূল্যত বায়’মেট্ৰিক প্ৰমাণীকৰণৰ ওপৰত ভিত্তি কৰি বিনামূলীয়াকৈ ৰেচন লাভ কৰিব পাৰিব । ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে (Supreme Court) ৩১ জুলাইৰ ভিতৰত সমগ্ৰ দেশতে এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনি ৰূপায়ণৰ নিৰ্দেশ দিছিল ।

কেন্দ্ৰই উচ্চতম ন্যায়ালয় (Supreme Court)ক জনোৱা অনুসৰি, ‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড’ (One Nation One Ration Card scheme) আঁচনিৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (National Food Security Act)ৰ অধীনত সকলো প্ৰব্ৰজনকাৰী হিতাধিকাৰীক বায়’মেট্ৰিক প্ৰমাণীকৰণৰ দ্বাৰা একত্ৰিত কৰি দেশৰ যিকোনো চৰকাৰী সুলভ মূল্যৰ দোকানৰ পৰা ৰেচন কাৰ্ড ব্যৱহাৰ কৰি সামগ্ৰী ক্ৰয় কৰাৰ অধিকাৰ প্ৰদান কৰা ৷ কেন্দ্ৰই এই পৰিকল্পনাই খাদ্য সুৰক্ষা আইন (National Food Security Act)ক বহনযোগ্য কৰি তুলিব বুলি উল্লেখ কৰে । এই আঁচনিৰ অধীনত উচ্চ ৰাজসাহায্যযুক্ত মূল্যত ৰাজ্যসমূহৰ বাবে পৰ্যাপ্ত খাদ্য-শস্য উপলব্ধ কৰোৱা আৰু ক’ভিড মহামাৰী (Covid 19) সময়ত খাদ্য সুৰক্ষা প্ৰদান কৰা ইয়াৰ মূল উদ্দেশ্যে ৷ ৰাজ্য আৰু কেন্দ্ৰীয় সংস্থাসমূহক হিতাধিকাৰীসকলক চিনাক্তকৰণ আৰু বিতৰণৰ দায়িত্ব দিয়া হয় ।

কেন্দ্ৰৰ শপতনামাত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত সংস্থাক উল্লেখিত আঁচনিৰ জৰিয়তে খাদ্যশস্যৰ প্ৰয়োজনীয়তা প্ৰাপ্ত কৰিবলৈ, প্ৰৱাসী তথা অভাৱগ্ৰস্ত লোকক প্ৰয়োজন অনুসৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্যশস্য প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । লকডাউনৰ সময়ত প্ৰব্ৰজনকাৰীসকলে সন্মুখীন হোৱা সমস্যা আৰু অসংগঠিত শ্ৰমিকৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পৰ্কীয় গোচৰ বিষয়টোও এই শপতনামাত দাখিল কৰা হৈছিল, যাতে তেওঁলোকে বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা উপভোগ কৰিব পাৰে ৷

লগতে পঢ়ক :পেগাচাছ কাহিনীৰ সৈতে চৰকাৰৰ সংযোগৰ তিলমানো প্ৰমাণ নাই: বিজেপি

ABOUT THE AUTHOR

...view details