অসম

assam

ETV Bharat / bharat

'অতি বেয়া' শ্ৰেণী পাইছেগৈ দিল্লীৰ বায়ুৰ গুণগত মান - ডাঠ কুঁৱলীৰ আচ্ছাদন

মঙলবাৰে পুৱা ৰাজধানী দিল্লীত ডাঠ কুঁৱলীৰ আচ্ছাদন । দিল্লীত বায়ুৰ গুণগত মানৰ সূচাংক 'অতি বেয়া' শ্ৰেণীৰ ভিতৰত আছে । প্ৰায় ১৬ খন ৰে'ল নিৰ্ধাৰিত সময়তকৈ পলমকৈ যাত্ৰা আৰম্ভ কৰাৰ সম্ভাৱনা আছে ।

'অতি বেয়া' শ্ৰেণীৰ ভিতৰত আছে দিল্লীৰ বায়ুৰ গুণগত মান
'অতি বেয়া' শ্ৰেণীৰ ভিতৰত আছে দিল্লীৰ বায়ুৰ গুণগত মান

By

Published : Jan 19, 2021, 12:55 PM IST

নেশ্যনেল ডেস্ক, ১৯ জানুৱাৰী: দিল্লীত ডাঠ কুঁৱলীৰ বাবে মঙলবাৰে পুৱা অন্ধকাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয় । ছফদৰগঞ্জ আৰু পালমত ভিজিবিলিটিৰ পৰ্যায় ২০০ মিটাৰ বুলি পঞ্জীয়ন কৰা হৈছে । দিল্লীৰ পৰা যাত্ৰা কৰিবলগীয়া প্ৰায় ১৬ খন ৰে'ল নিৰ্ধাৰিত সময়তকৈ পলমকৈ যাত্ৰা আৰম্ভ কৰাৰ সম্ভাৱনা আছে । অৱশ্যে, দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, সকলো বিমানে সময়মতে যাত্ৰা কৰিছে । আনহাতে, ছিষ্টেম অৱ এয়াৰ কোৱালিটি এণ্ড ৱেডাৰ ফৰকাষ্টিং এণ্ড ৰিচাৰ্চে প্ৰকাশ কৰা মতে, দিল্লীত মঙলবাৰেও বায়ুৰ গুণগত মানৰ সূচাংক 'অতি বেয়া' শ্ৰেণীৰ ভিতৰতে থাকে ।

মধ্যমীয়া বতাহে বায়ু প্ৰদূষক বিষপি পৰাত সহায় কৰে । ৰাজধানী চহৰখনৰ বায়ুৰ গুণগত মান অধিক বেয়া হোৱাৰ লগতে বুধবাৰৰ দিনা প্ৰথম ভাগতো বায়ুৰ গুণগত মান 'অতি বেয়া' শ্ৰেণীৰ ভিতৰতে থকাৰ সম্ভাৱনা প্ৰকট কৰিছে ছিষ্টেম অৱ এয়াৰ কোৱালিটি এণ্ড ৱেডাৰ ফৰকাষ্টিং এণ্ড ৰিচাৰ্চে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে, মঙলবাৰে আয়ানগৰ ষ্টেচনৰ তাপমাত্ৰা হৈছে ৫.৯ ডিগ্ৰী চেলছিয়াছ ।

লগতে পঢ়ক:পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মান লাভ কৰা জ্যেষ্ঠ চিকিৎসক ড৹ ভি শান্তাৰ মৃত্যু

ABOUT THE AUTHOR

...view details