নেশ্যনেল ডেস্ক,১৭ নৱেম্বৰ :দেশৰ ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণ পুনৰ এবাৰ গুৰুতৰ হৈ পৰিছে । শেহতীয়া তথ্য অনুসৰি দিল্লীৰ বায়ুমণ্ডলৰ সূচাংকৰ যথেষ্ট অৱনতি হৈছে । বায়ুমণ্ডলৰ সূচাংক বৃহস্পতিবাৰে বিয়লি ৪১৯ ত উপনীত হৈছিল । আনহাতে শুকুৰবাৰে পুৱা ৭ বজাত বায়ুমণ্ডলৰ সূচাংক ৪৩৭ স্পৰ্শ কৰিছে । যাক গুৰুতৰ বুলি ধৰা হৈছে ।
যোৱা সপ্তাহত দীপাৱালীৰ পূৰ্বে বৰষুণৰ ফলত বায়ু প্ৰদূষণৰ মাত্ৰা কিছু উন্নত হৈছিল । কিন্তু আতচবাজী আৰু সমীপৰ ৰাজ্যবোৰত শস্যৰ অৱশিষ্ট জ্বলোৱাৰ ফলত পৰিস্থিতি পুনৰ অৱনতি হৈছে । দিল্লীৰ উপৰিও ইয়াৰ চুবুৰীয়া চহৰবোৰত বায়ুৰ সূচাংক 'অতি বেয়া'ৰ পৰা 'গুৰুতৰ' শ্ৰেণীত উপনীত হৈছে । গুৰুগ্ৰামত বায়ুৰ সূচাংক (একিউআই) ৪০৪, গ্ৰেটাৰ নয়ডাত ৩১৩, নয়ডাত ৩৬৬, গাজিয়াবাদত ৩৭৪ আৰু ফৰিদাবাদত ৪১৫ আছিল ।
জনস্বাস্থ্যৰ বাবে ভাবুকি হৈ পৰিছে দিল্লীৰ বায়ু প্ৰদূষণ । ইয়াৰ ফলত জনসাধাৰণ ব্যাপক সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে । ইফালে দিল্লী চৰকাৰেও প্ৰদূষণ ৰোধৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে । বায়ুৰ সূচাংক ৪৫০ অতিক্ৰম কৰাৰ লগে লগে যুগ্ম-অযুগ্মভিত্তিত যান-বাহনৰ নম্বৰ প্লেটৰ চলাচলৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে ।