নেশ্যনেল ডেস্ক,১৬ নৱেম্বৰ: দিল্লীৰ দুৰ্নীতি বিৰোধী ব্যুৰো (Anti-Corruption Bureau)য়ে আপৰ বিধায়ক অখিলেশপতি ত্ৰিপাঠীৰ খুলশালী ওম সিং আৰু পি এ শিৱশংকৰ পাণ্ডেকে ধৰি তিনিজন লোকক নগদ ধনৰ বিনিময়ত টিকটৰ গোচৰ(Cash for ticket case)ত গ্ৰেপ্তাৰ কৰে((Delhi ACB arrest AAP MLA brother in law)) । তৃতীয়জন অভিযুক্তক ৰাজকুমাৰ ৰঘুবংশী বুলি চিনাক্ত কৰা হৈছে । আপ কৰ্মী শোভা খাৰীৰ স্বামী গোপাল খাৰীয়ে এচিবিৰ ওচৰত অভিযোগ কৰিছিল যে বিধায়ক ত্ৰিপাঠীয়ে তেওঁৰ পত্নীক টিকট দিয়াৰ বাবে ৯০ লাখ টকা দাবী কৰিছিল । যাৰ ভিতৰত ত্ৰিপাঠীক ৩৫ লাখ টকা আৰু ৱাজিৰপিৰৰ আন এজন আপৰ বিধায়ক ৰাজেশ গুপ্তাক ২০ লাখ টকা দিছিল গোপাল খাৰীয়ে(Delhi ACB and AAP MLA Akhilesh Pati Tripathi) ।
কিন্তু ৫৫ লাখ টকা পৰিশোধ কৰাৰ পাছতো, অভিযোগকাৰীয়ে নাম তালিকাত বিচাৰি পোৱা নাছিল । অৰ্থাৎ টিকটটো আনক দিয়া হৈছিল । ইয়াৰ ফলত দিল্লী পৌৰ নিগমৰ (ডিএমচি) নিৰ্বাচনত আপৰ বিধায়ক ত্ৰিপাঠীয়ে ৯০ লাখ টকাৰ উৎকোচ বিচৰাক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছিল(AAP cash for ticket case news update) । ইয়াৰ পিছত, যেতিয়া অভিযোগকাৰীয়ে বিধায়কৰ খুলশালী ওম সিঙৰ সৈতে যোগাযোগ কৰিছিল, তেতিয়া তেঁওক আশ্বাস দিয়া হৈছিল যে তেঁওক পৰৱৰ্তী সময়ত টিকট প্ৰদান কৰা হ'ব । তাৰ পিছত গোপাল খাৰীয়ে সোমবাৰে এচিবিৰ ওচৰত অভিযোগ উত্থাপন কৰিছিল(Delhi Municipal Corporation Election 2022) । তাৎক্ষণিকভাৱে ACB য়ে তদন্ত কৰি আটাইকেইজনক গ্ৰেপ্তাৰ কৰিছিল ।