নেশ্যনেল ডেস্ক,১২ আগষ্ট :চলিত বৰ্ষাকালীন অধিৱেশনৰ মাজতে পুনৰ আন এগৰাকী বিৰোধী সাংসদ নিলম্বিত হ'ল । ৰাজ্যসভাৰ পৰা নিলম্বিত হ'ল দিল্লীৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডা । নিলম্বন হোৱাৰ পাছতে সামাজিক মাধ্যমত তেওঁ নিজৰ প্ৰ'ফাইল সলনি কৰিছে । প্ৰথমে টুইটাৰৰ প্ৰ'ফাইলত সাংসদৰ সদস্য বুলি আছিল । কিন্তু এতিয়া 'X'ত পূৰ্বৰ টুইটাৰত ইয়াক ভাৰতৰ নিলম্বিত সাংসদৰ সদস্য বুলি লিখা হৈছে ।
শুকুৰবাৰে আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সদস্য ৰাঘৱ চাড্ডাক ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হয় । সোমবাৰে, ৰাজ্যসভাৰ ৫ গৰাকী সাংসদে ৰাঘৱ চাড্ডাৰ ওপৰত বিশেষাধিকাৰ প্ৰস্তাৱ অনাৰ দাবী জনাইছিল । সাংসদসকলে অভিযোগ কৰিছিল যে তেওঁলোকক সন্মতি অবিহনে দিল্লী সেৱা বিধেয়কৰ প্ৰস্তাৱিত বাছনি সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে ।
নিলম্বনৰ পাছতে ৰাঘৱ চাড্ডাই কয় যে ৰাজ্যসভাৰ পৰা তেওঁক নিলম্বনৰ লগে লগে বিজেপিৰ পৰা যুৱসকললৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হৈছে যে যদি আপুনি প্ৰশ্ন সুধিবলৈ সাহস কৰে, বিজেপিয়ে তেওঁলোকৰ কণ্ঠস্বৰ ৰুদ্ধ কৰিব । চাড্ডাৰ মতে দিল্লী সেৱা বিধেয়ক সন্দৰ্ভত সংসদত তেওঁ ভাষণৰ সময়ত কঠোৰ প্ৰশ্ন সোধাৰ বাবে তেওঁক নিলম্বিত কৰা হৈছে । কাৰণ বিশ্বৰ সৰ্ববৃহৎ দল বিজেপিৰ ওচৰত তেওঁৰ প্ৰশ্নৰ কোনো উত্তৰ নাছিল বুলি চাড্ডাই দাবী কৰে ।
ৰাঘৱ চাড্ডাৰ মতে তেওঁৰ একমাত্ৰ অপৰাধ আছিল দিল্লীৰ ওপৰত বিজেপিৰ দ্বৈত মানসিকতাক আলোকপাত কৰা । চাড্ডাৰ মতে বিজেপিক "আদৱানী-বাদ" আৰু "বাজপেয়ী-বাদ" অনুসৰণ কৰিবলৈ ক'ব লাগিছিল । দৰাচলতে এগৰাকী ৩৪ বছৰীয়া সাংসদে তেওঁলোকক এখন আইনা দেখুৱাইছিল আৰু ইয়াৰ বাবে তেওঁলোকক জবাবদিহি কৰিছিল । সেইটোৱে তেওঁলোকক আঘাত কৰিছে বুলি চাড্ডাই অভিযোগ কৰে ।