অসম

assam

ETV Bharat / bharat

INDIA alliance to visit Manipur: INDIA মিত্ৰজোঁটৰ 20 জনীয়া সাংসদে শনিবাৰে ভ্ৰমণ কৰিব মণিপুৰ

INDIA মিত্ৰজোঁটৰ এটা 20 জনীয়া প্ৰতিনিধিৰ দলে শনিবাৰে ভ্ৰমণ কৰিব মণিপুৰ ৷ এই প্ৰতিনিধি দলটোত থাকিব সাংসদ গৌৰৱ গগৈ, সুস্মিতা দেৱ ৷ আশ্ৰয় শিবিৰসমূহো পৰিদৰ্শন কৰিব প্ৰতিনিধি দলটোৱে ৷

INDIA alliance to visit Manipur
INDIA alliance to visit Manipur

By

Published : Jul 28, 2023, 9:43 PM IST

Updated : Jul 29, 2023, 9:59 AM IST

নেশ্যনেল ডেস্ক, 28 জুলাই: কংগ্ৰেছ নেতা চৈয়দ নাছিৰ হুচিয়ানে শুকুৰবাৰে দিল্লীত এখন সংবাদমেল অনুষ্ঠিত কৰি কয় যে INDIA মিত্ৰজোঁটৰ এটা প্ৰতিনিধি দলে 29 জুলাইত হিংসাপীড়িত ৰাজ্য মণিপুৰ ভ্ৰমণ কৰিব ৷ ‘‘কাইলৈ INDIA মিত্ৰজোঁটৰ এটা প্ৰতিনিধি দল মণিপুৰৰ পাহাৰীয়া আৰু উপত্যকা অঞ্চললৈ যোৱাৰ লগতে সাহায্য শিবিৰ সমূহলৈ যাব ৷ আমি এটা বাৰ্তা লৈ যাম যে আমি তেওঁলোকৰ সৈতে আছো আৰু আমি অঞ্চলটোত শান্তি পুনৰুদ্ধাৰ কৰাৰ বাবে আমাৰ সামৰ্থ অনুসৰি সকলোবোৰ কৰিম ৷’’ চৈয়দ নাছিৰ হুচিয়ানে সংবাদমেলত কয় ৷

শনিবাৰে পুৱা 10 বজাত INDIA মিত্ৰজোঁটৰ সাংসদসকলে মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীক সাক্ষাৎ কৰিব ৷ উল্লেখ্য যে INDIA মিত্ৰজোঁটৰ 20 গৰাকী সাংসদে ভ্ৰমণ কৰিব মণিপুৰ ৷

আনহাতে বিৰোধীৰ প্ৰতিনিধি দলটোত থাকিব কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী আৰু গৌৰৱ গগৈ, টিএমচিৰ সুস্মিতা দেৱ, জেএমএমৰ মহুয়া মাঝি, ডিএমকেৰ কানিমোঝি, এনচিপিৰ মহম্মদ ফাইজাল, আৰএলডিৰ জয়ন্ত চৌধুৰী, আৰজেডিৰ মনোজ কুমাৰ ঝা, আৰএছপিৰ এন কে প্ৰেমচন্দ্ৰন আৰু ভিচিকেৰ টি থিৰুমাভালভান ৷

লগতে থাকিব জেডি(ইউ)ৰ মুৰব্বী ৰাজীৱ ৰঞ্জন (লালন) সিং, অনীল প্ৰসাদ হেগড়ে (জেডি-ইউ), চিপিআইৰ সন্দোশ কুমাৰ, চিপিআই(এম)ৰ এ এ ৰহিম, সমাজবাদী পাৰ্টিৰ জাভেদ আলী খান, আইইউএমএলৰ ই টি মহম্মদ বশীৰ, আপৰ সুশীল গুপ্তা, অৰবিন্দ সাৱন্ত (শিৱসেনা-উদ্ধৱ ঠাকৰে), ডি ৰবিকুমাৰ (ডিএমকে) আৰু কংগ্ৰেছৰ ফুলো দেৱী নেতাম ৷

ইফালে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধীনত কৰাৰ বাবে দাবী জনায় সাংসদ গৌৰৱ গগৈয়ে ৷ গৌৰৱ গগৈয়ে কয়, ‘‘বিজেপিয়ে ক’ব বিচাৰে যে মণিপুৰত সকলো ঠিকেই আছে, কিন্তু প্ৰকৃততে হিংসা অব্যাহত আছে । সেয়েহে আমি বিচাৰো যে উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধীনত তদন্ত কৰা উচিত ৷ মানুহে কেনেকৈ এই পৰিমাণত অস্ত্ৰ-শস্ত্ৰ লাভ কৰিলে, প্ৰশাসনে কি কৰি আছে এই সকলোৰে তদন্ত হোৱা উচিত ৷’’

লগতে পঢ়ক:Manipur update: মণিপুৰত জৰুৰীকালীন বিধানসভাৰ দাবী কংগ্ৰেছ বিধায়নী দলৰ

Last Updated : Jul 29, 2023, 9:59 AM IST

ABOUT THE AUTHOR

...view details