নিউজ ডেস্ক, 4 এপ্ৰিল :উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ নেহৰু কলনী দালানৱালাৰ বাসিন্দা পুষ্পা মুঞ্জিয়ালে তেওঁৰ সকলো সম্পত্তি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক অৰ্পণ কৰিছে (Women donates her property to Rahul Gandhi)। মহিলাগৰাকীয়ে এই সন্দৰ্ভত ডেৰাডুন আদালতত এখন ইচ্ছাপত্ৰও দাখিল কৰিছে । পুষ্পাই জানিব দিছে যে, তেওঁ ৰাহুল গান্ধীৰ দৃষ্টিভংগীৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত ।
তেওঁৰ পৰিয়ালে আজিলৈকে দেশৰ স্বাধীনতাৰ পৰা সদায় সৰ্বোচ্চ ত্যাগ কৰি আহিছে। এই তথ্য প্ৰদান কৰি কংগ্ৰেছ দলৰ ডেৰাডুন মহানগৰৰ সভাপতি লাল চান্দ শৰ্মাই কয় যে, প্ৰাক্তন ৰাজ্যিক সভাপতি প্ৰীতম সিঙক তেওঁৰ যমুনা কলনিৰ বাসগৃহত এই ইচ্ছাপত্ৰ হস্তান্তৰ কৰা হৈছে । উল্লেখ্য যে, ৰাহুল গান্ধীক এইদৰে সম্পত্তি প্ৰদান কৰা পুষ্পা এগৰাকী দৃষ্টিহীন মহিলা ৷