নেশ্যনেল ডেস্ক, 8 জানুৱাৰী:প্ৰচণ্ড শীতৰ কবলত পৰি ইতিমধ্যেই দেশত মৃত্যু মুখত পৰিছে বহুকেইগৰাকী লোক ৷ কেৱল মানুহেই নহয়, শীতৰ ফলত সমস্যাৰ সন্মুখীন হৈছে জীৱ-জন্তুসমূহো ৷ প্ৰচণ্ড শীতৰ পৰা জীৱ-জন্তুক পৰিত্ৰাণ দিবলৈ ডেৰাডুন চিৰিয়াখানাত কৰা হৈছে এক বিশেষ ব্যৱস্থা(Dehradun Zoo Winter Arrangements) ৷ যাৰ ফলত শীতৰ কবলৰ পৰা ৰক্ষা পৰিছে চিৰিয়াখানাখনৰ জীৱ-জন্তুসমূহ ৷
সম্প্ৰতি ডেৰাডুনৰ তাপমাত্ৰা 4 ডিগ্ৰীলৈ নিম্নগামী হৈছে(Dehradun Weather)৷ লগতে বতৰ বিজ্ঞান কেন্দ্ৰই তাপমাত্ৰা আৰু অধিক নিম্নগামী হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৷ এনে সময়ত ডেৰাডুন চিৰিয়াখানাত(Dehradun Zoo) শীত নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা কৰা বিশেষ হিটাৰ ৷ গুহাসমূহত ব্যৱস্থা কৰা হৈছে কম্বলৰ ৷ আনহাতে, মাছৰ বাবে কৰা হৈছে ইলেক্ট্ৰিক ৰডৰ ব্যৱস্থা ৷ যিয়ে পানী গৰম কৰি ৰখাত সহায় কৰে ৷
চিৰিয়াখানাখনত কম্বল আৰু হিটাৰকে ধৰি আন আন পদ্ধতিৰ জৰিয়তে কেৱল বন্যপ্ৰাণী আৰু চৰাইবোৰক শীতৰ পৰা ৰক্ষা কৰাই নহয়, খাদ্যতো কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটোৱা হৈছে ৷ যাৰ ফলত জীৱ-জন্তুসমূহে প্ৰচণ্ড শীতৰ সৈতে যুঁজ দিবলৈ সক্ষম হৈছে ৷