নেশ্যনেল ডেস্ক,১৩ জানুৱাৰী :প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শনিবাৰে চলিত আঁচনিৰ কামৰ বাবে সীমান্ত পথ সংগঠন/সাধাৰণ ৰিজাৰ্ভ অভিযন্তা বাহিনীৰ দ্বাৰা নিয়োজিত অস্থায়ী শ্ৰমিকসকলৰ বাবে এক সমূহীয়া (টাৰ্ম) বীমা আঁচনি (চিপিএল) আৰম্ভ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে ।
এই আঁচনি অনুসৰি যিকোনো ধৰণৰ মৃত্যুত বীমা হিচাপে ১০ লাখ টকাৰ বীমা মূল্য চিপিএল পৰিয়াল/নিকট আত্মীয়সকলক প্ৰদান কৰা হ'ব । প্ৰত্যাহ্বানপূৰ্ণ ভূখণ্ডত কাম কৰা অস্থায়ী শ্ৰমিকৰ প্ৰতিকূল বতৰ, বৃত্তিগত স্বাস্থ্য সমস্যা আৰু তেওঁলোকৰ ব্যস্ততাৰ সময়ত হোৱা মৃত্যুৰ কথা বিবেচনা কৰি, মানৱীয় ভিত্তিত বীমা কভাৰেজৰ ব্যৱস্থা চিপিএলৰ বাবে এক মহান মনোবল বঢ়োৱা হিচাপে প্ৰমাণিত হ'ব বুলিও প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে ।
বিবৃতিত উল্লেখ কৰা মতে এই আঁচনিয়ে দেশৰ দূৰৱৰ্তী আৰু সীমান্ত অঞ্চলত কাম কৰা অস্থায়ী কৰ্মচাৰীসকলৰ বাবে এক সামাজিক সুৰক্ষা আৰু কল্যাণমূলক পদক্ষেপ হিচাপে কাম কৰিব । ই তেওঁলোকৰ পৰিয়ালৰ জীৱিকা সুৰক্ষিত কৰাত সহায়ক হ'ব ।