অসম

assam

By

Published : Jul 13, 2023, 4:21 PM IST

ETV Bharat / bharat

India defence ministry: ফ্ৰান্সৰ পৰা 26 খন ৰাফেল ক্ৰয় কৰাত অনুমোদন ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

পুনৰ ফ্ৰন্সৰ পৰা ৰাফেল ক্ৰয় কৰা যো-জা ভাৰতৰ ৷ ইতিমধ্যেই এই প্ৰস্তাৱত অনুমোদন জনাইছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷ ২৬ খন ৰাফেল যুঁজাৰু বিমান আৰু তিনিখন স্কৰপিন শ্ৰেণীৰ পৰম্পৰাগত চাবমেৰিন ক্ৰয় কৰাৰ পৰিকল্পনা ভাৰতৰ ৷

India defence ministry
Rafale Aircraft

নেশ্যনেল ডেস্ক, 13 জুলাই:প্ৰতিৰক্ষা মন্ত্ৰালয়ে বৃহস্পতিবাৰে ফ্ৰান্সৰ পৰা ভাৰতীয় নৌসেনাৰ বাবে ২৬ খন ৰাফেল যুঁজাৰু বিমান আৰু তিনিখন স্কৰপিন শ্ৰেণীৰ পৰম্পৰাগত চাবমেৰিন ক্ৰয় কৰাৰ পৰিকল্পনাত অনুমোদন জনাইছে । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়াই কয় যে প্ৰস্তাৱসমূহ প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ (ডিএচি) এখন বৈঠকত অনুমোদিত দিয়া হৈছে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা প্ৰধান জেনেৰেল অনিল চৌহান আৰু কেইবাগৰাকীও জ্যেষ্ঠ প্ৰতিৰক্ষা বিষয়া বৈঠকত উপস্থিত আছিল ৷

সূত্ৰই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ফ্ৰান্স ভ্ৰমণৰ সময়ত চুক্তি ঘোষণা কৰাৰ সম্ভাৱনা আছে । বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ফ্ৰান্স ভ্ৰমণলৈ ৰাওনা হৈছে ৷ প্ৰস্তাৱ অনুসৰি, ভাৰতীয় নৌসেনাই চাৰিখন প্ৰশিক্ষক বিমানৰ সৈতে 22 খন একক আসনৰ ৰাফেল সামুদ্ৰিক বিমান লাভ কৰিব । নৌসেনাই এই যুঁজাৰু বিমান আৰু চাবমেৰিনসমূহ তাৎক্ষণিকভাৱে অধিগ্ৰহণৰ বাবে জোৰ দি আহিছে কিয়নো সমগ্ৰ দেশতে নিৰাপত্তা প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি বাহিনীয়ে বিমানৰ অভাৱৰ সন্মুখীন হৈছে ৷

ইফালে, প্ৰকল্প 75-ৰ অংশ হিচাপে, নৌসেনাই তিনিখন স্কৰ্পেন শ্ৰেণীৰ চাবমেৰিন অধিগ্ৰহণ কৰিব । এই চাবমেৰিন মুম্বাইৰ মাজাগন ডকয়াৰ্ডছ লিমিটেডত নিৰ্মাণ কৰা হ'ব । অনুমান কৰা হৈছে যে এই চুক্তিৰ মূল্য 90,000 কোটি টকাতকৈ অধিক হ'ব ৷ কিন্তু চুক্তি ঘোষণাৰ পিচত অনুষ্ঠিত হ'বলগীয়া চুক্তি আলোচনা সম্পূৰ্ণ হোৱাৰ পিচতহে চূড়ান্ত ব্যয় স্পষ্ট হ'ব ।

সূত্ৰই লগতে কয় যে ভাৰতে এই চুক্তিত ৰেহাই বিচাৰিব পাৰে । ইয়াৰ লগতে, ভাৰতে আঁচনিখনত অধিক 'মেক-ইন-ইণ্ডিয়া' সমল ৰখাৰ ওপৰত জোৰ দিব । সূত্ৰই সগতে সদৰী কৰিছে যে ৰাফেল-সামুদ্ৰিক চুক্তিৰ বাবে দুয়োখন দেশৰ মাজত এটা যুটীয়া দল গঠন কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:Chandrayaan 3 preparation : চন্দ্ৰ অভিযানৰ পূৰ্বে ভগৱানৰ ওচৰত প্ৰাৰ্থনা ইছৰোৰ বিজ্ঞানীৰ

ABOUT THE AUTHOR

...view details