অসম

assam

ETV Bharat / bharat

'Arjun Mark1A' টেংক ভাৰতীয় সেনাত অন্তৰ্ভুক্ত কৰিবলৈ সাজু প্ৰতিৰক্ষা মন্ত্ৰালয়

মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে স্বদেশত নিৰ্মিত যুদ্ধ টেংক 'Arjun Mark1A' টেংক ভাৰতীয় সেনাত অন্তৰ্ভুক্ত কৰিবলৈ অনুমতি দিয়াৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ কথা প্ৰকাশ কৰে । ৬ হাজাৰ কোটি টকাৰো অধিক মূূল্যৰ এই যুদ্ধ টেংক কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰলৈ সমৰ্পিত কৰিছিল ।

'Arjun Mark1A' টেংক ভাৰতীয় সেনাত অন্তৰ্ভুক্ত কৰিবলৈ সাজু প্ৰতিৰক্ষা মন্ত্ৰালয়
'Arjun Mark1A' টেংক ভাৰতীয় সেনাত অন্তৰ্ভুক্ত কৰিবলৈ সাজু প্ৰতিৰক্ষা মন্ত্ৰালয়

By

Published : Feb 23, 2021, 4:15 PM IST

নেশ্যনেল ডেস্ক, ২৩ ফেব্ৰুৱাৰী: শক্তিশালী 'Arjun Mark1A' যুদ্ধ টেংক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰলৈ সমৰ্পিত কৰাৰ কেইদিনমান পিছতে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই টেংক ভাৰতীয় সেনাত অন্তৰ্ভুক্ত কৰাৰ বাবে সাজু হৈ উঠিছে । প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰতিৰক্ষা ষ্টাফ জেনেৰেলৰ মুৰব্বী বিপিন ৰাৱট আৰু সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱানেৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ বৈঠকত প্ৰস্তাৱটো বিবেচনা কৰিব বুলি মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই প্ৰকাশ কৰিছে ।

ভাৰতীয় সেনা বাহিনীৰ সহযোগত ডিআৰডিঅ'ই 'Arjun Mark1A' যুদ্ধ টেংক সম্পূৰ্ণৰূপে বিকশিত কৰিছে । শেহতীয়কৈ ভাৰতীয় সেনাত ১১৮ খন 'Arjun Mark1A' যুদ্ধ টেংক অন্তৰ্ভুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সেনাত অৰ্জুন টেংক অন্তৰ্ভুক্তিৰ প্ৰথম পৰ্যায়ত এই ১১৮ খন 'Arjun Mark1A' যুদ্ধ টেংক শীঘ্ৰেই চামিল কৰা হ'ব । ১১৮ খন যুদ্ধ টেংকৰ অন্তৰ্ভুক্তিৰ লগে লগে দুটা ৰেজিমেণ্ট গঠন কৰা হ'ব । আনহাতে, সেনাৰ সূত্ৰই জনোৱা মতে, টেংক ৰেজিমেণ্ট গঠনৰ বাবে প্ৰয়োজন হোৱা টেংকৰ সংখ্যা হ্ৰাস কৰা হৈছে । কিয়নো পূৰ্বে বিচৰা টেংকৰ তুলনাত ৬ খন টেংক কমকৈ লাভ কৰিছে সেনাই ।

ডিআৰডিঅ'ই বিগত কিছুদিন ধৰি এই টেংক নিৰ্মাণৰ কাম কৰি আহিছে আৰু এতিয়া সশস্ত্ৰ বাহিনীত স্বদেশৰ অস্ত্ৰ প্ৰণালীৰ স্তৰ বৃদ্ধি কৰিবলৈ বিপিন ৰাৱট আৰু ডিআৰডিঅ'ৰ মুৰব্বী জি সতীশ ৰেড্ডীয়ে এই প্ৰকল্পৰ দায়িত্ব লৈছে । 'Arjun Mark1A'ৰ আৰ্হি প্ৰস্তুত কৰিছে চেন্নাইস্থিত ডিআৰডিঅ'ৰ কম্বেট ভিৰাইকল ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট এষ্টাবলিছমেণ্টে ।

লগতে পঢ়ক:বিশ্ব পৰিৱেশ দিৱসৰ আঁত ধৰিব পাকিস্তানে

ABOUT THE AUTHOR

...view details