অসম

assam

ETV Bharat / bharat

Defence Minister NE tour : তেজপুৰত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, অংশ ল’ব টাৱাং ৱাৰ মেমৰিয়েলৰ বিজয়া দশমীত - 1962 indo china war

দুদিনীয়া কাৰ্যসূচীৰে আজি তেজপুৰত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ বুমলা পাচত বিজয়া দশমী উপলক্ষে সেনাৰ সৈতে মত বিনিময়ত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

Defence Minister Rajnath Singh two days visit to Tezpur
বিজয়া দশমী উপলক্ষে আজি তেজপুৰলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 10:01 AM IST

Updated : Oct 23, 2023, 5:41 PM IST

তেজপুৰ, 23 অক্টোবৰ: দুদিনীয়া ভ্ৰমণসূচীৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সোমবাৰে তেজপুৰ বায়ু সেনাৰ ঘাটিত উপস্থিত হয় । প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীক আদৰণি জনায় ভাৰতীয় সেনাৰ প্ৰধান জেনেৰেল মনোজ পাণ্ডেই । তেজপুৰ বায়ু সেনাৰ ঘাটিত তেওঁক আদৰণি জনায় মন্ত্ৰী অশোক সিংহলৰ লগতে শোণিতপুৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু কৃষ্ণ কমল তাঁতীয়ে ৷ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দেশৰ 4র্থ ক’ৰ্পছ সেনা বাহিনীৰ বিষয়া জোৱানসকলৰ মাজত উপস্থিত থাকি ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ বুমলা পাচত বিজয়া দশমী উপলক্ষে সেনাৰ সৈতে মত বিনিময়ত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

প্ৰতিৰক্ষা মন্ত্ৰী সিঙে সোমবাৰে তেজপুৰ বায়ু সেনাৰ ঘাটিৰ পৰা ভাৰত-চীন সীমান্তত উত্তৰ প্ৰান্তৰ অতিকৈ স্পৰ্শকাতৰ সেনা বাহিনীৰ ঘাটি চতুৰ্থ কৰ্পছত উপস্থিত থাকি নৱৰাত্ৰিত পূজা অৰ্চনা কৰাৰ লগতে স্থল সেনা, বায়ু সেনাৰ জ্যেষ্ঠ বিষয়া সকলৰ লগত মত বিনিময় কৰিব ৷ দশমীৰ দিনা অৰ্থাৎ মঙলবাৰে পুৱা পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত হেলিকপ্টাৰৰ জৰিয়তে উপস্থিত হৈ সীমান্তৰ শেষ প্ৰান্তত থকা সেনাৰ মৈত্ৰী স্থল বুমলা পাচত উপস্থিত হৈ টাৱাং ৱাৰ মেমৰিয়েলত বিজয়া দশমী উদযাপন কৰিব ।

বিজয়া দশমী উপলক্ষে আজি তেজপুৰলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী

প্ৰতিৰক্ষা মন্ত্ৰীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ কাৰণ 1962 চনৰ ভাৰত-চীন যুদ্ধই এইবাৰ 61 বছৰত ভৰি দিব । 1962 চনত ভাৰতৰ টাৱাং জিলাৰ খিনজিমণি জেমিথাং চেকটৰ দিশে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে প্রৱেশ কৰিছিল । জানিব পৰা মতে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে সেনাৰ সৈতে দশমীৰ পূজা-অৰ্চনা কৰিব টাৱাং ৱাৰ মেমৰিয়েলত ।

টাৱাং ৱাৰ মেমৰিয়েল ভাৰত-চীন যুদ্ধৰ এক ঐতিহাসিক স্মাৰক আছে । প্ৰতিৰক্ষা মন্ত্ৰী সিঙৰ সৈতে সেনাৰ মুখ্য অধিনায়ক জেনেৰেল মনোজ পাণ্ডেৰ লগতে সেনাৰ উচ্চ বিষয়াসকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Crimes against women : "ভগ্নী আৰু কন্যাসকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰা লোকক ফাঁচী দিয়া হ’ব": শিৱৰাজ সিং চৌহান

Last Updated : Oct 23, 2023, 5:41 PM IST

ABOUT THE AUTHOR

...view details