অসম

assam

ETV Bharat / bharat

দশেৰা উপলক্ষে প্ৰতিক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অস্ত্ৰ পূজা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উত্তৰাখণ্ডৰ চামোলী জিলাৰ আউলিত এটা সেনা শিবিৰ পৰিদৰ্শন কৰে আৰু অস্ত্ৰ পূজা কৰে । লগতে তেওঁ বিজয়া দশমী উপলক্ষে সৈনিকসকলক শুভেচ্ছা জনায় । তাত তেওঁ কয় যে, সকলো সৈনিক দেশৰ গৌৰৱ । ভাৰত হৈছে একমাত্ৰ দেশ য'ত অস্ত্ৰ-শস্ত্ৰৰ পূজা কৰা হয় (Rajnath Singh performs Shastra Puja) ।

Rajnath Singh
Rajnath Singh

By

Published : Oct 5, 2022, 3:18 PM IST

Updated : Oct 5, 2022, 6:15 PM IST

নিউজ ডেস্ক, ৫ অক্টোবৰ :কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হৈছে । আজি বিজয়া দশমী উৎসৱ উপলক্ষে ৰাজনাথ সিঙে চামোলী জিলাৰ আউলিত থকা সেনা শিবিৰত উপস্থিত হয় । তাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অস্ত্ৰ পূজা কৰে (Rajnath Singh performs Shastra Puja) ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পুৱা ৮ বজাত এখন বিশেষ সেনা হেলিকপ্টাৰেৰে আউলিত উপস্থিত হয় । আউলিত উপস্থিত হোৱাৰ পিছত তেওঁ সেনা জোৱানসকলৰ সৈতে বাৰ্তালাপ কৰে (Rajnath Singh interacts with Army Jawans) আৰু বিজয়া দশমী উৎসৱৰ বাবে তেওঁলোকক অভিনন্দন জনায় ।

এই সময়ছোৱাতে দেশৰ স্থল সেনাপ্ৰধান মনোজ পাণ্ডেও (Army Chief Manoj Pandey) তাত উপস্থিত থাকে । আউলিৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰীয়ে বদ্ৰীনাথ ধামৰ ওচৰত মানা ভ্ৰমণ কৰাৰ কথা আছে । য'ত তেওঁ সেনা শিবিৰত সৈনিকসকলক লগ কৰিব ।

দশেৰা উপলক্ষে প্ৰতিক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অস্ত্ৰ পূজা

আনহাতে, আউলি সেনা শিবিৰৰ (Auli Military Station) পৰা নিজৰ ভাষণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, "আমাৰ দেশ আমাৰ সশস্ত্ৰ বাহিনীৰ হাতত সুৰক্ষিত বুলি আমি নিশ্চিত । আমাৰ সশস্ত্ৰ বাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকসকল আমাৰ দেশৰ গৌৰৱ । ভাৰত হৈছে একমাত্ৰ দেশ য'ত অস্ত্ৰ-শস্ত্ৰৰ পূজা কৰা হয় (Worship of Weapons) ।"

একে সময়তে সেনা জোৱানসকলৰ সৈতে দশেৰা উদযাপন কৰি আউলি সামৰিক শিবিৰ দেশপ্ৰেমমূলক গীত 'এ ৱতন তেৰে লিয়ে'ৰ সুৰ প্ৰতিধ্বনিত হৈ উঠে ।

উল্লেখ্য, মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ নৱৰাত্ৰি উৎসৱ পালন কৰা হয় (Navratri 2022) । নৱৰাত্ৰিৰ পিছত দশেৰা উদযাপন কৰা হয় । দশেৰাক বিজয়া দশমী, আয়ুধা পূজা বুলিও জনা যায় (Dussehra 2022) । হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে আহিন মাহৰ শুক্লপক্ষৰ দশম দিনা এই পৱিত্ৰ দশেৰা উৎসৱ পালন কৰা হয় ।

অন্যায়ৰ ওপৰত ন্যায়ৰ বিজয় হিচাপে এই উৎসৱ পালন কৰা হয় । এইবাৰ এই উৎসৱ ৫ অক্টোবৰ, বুধবাৰে উদযাপন কৰা হৈছে । হিন্দু ধৰ্মৰ নিয়ম অনুসৰি আজিৰ দিনটোতে ভগৱান ৰামে লংকাপতি ৰাৱণক বধ কৰি সীতাক ৰক্ষা কৰে । দশমূৰীয়া ৰাৱণৰ অন্ত পৰাৰ বাবে ইয়াক কেতিয়াবা দশেৰা আৰু কেতিয়াবা দশেৰ বুলিও কোৱা হয় ।

দেশৰ ভিন্ন স্থানত অতি ধুম-ধামেৰে উদযাপন কৰা হয় দশেৰা । তাৰে ভিতৰত কেইটামান স্থান হ'ল- মধ্য প্ৰদেশৰ মন্দসৌৰ, উজ্জয়ন, মহাৰাষ্ট্ৰ অমৰাৱতী, উত্তৰ প্ৰদেশৰ বিশৰখ, উত্তৰ প্ৰদেশৰ জসৱন্তনগৰ হিমাচল প্ৰদেশৰ বেজনাথ, অন্ধ্ৰপ্ৰদেশৰ কাকিনাড, ৰাজস্থানৰ যোধপুৰ, কৰ্ণাটকৰ মাণ্ডিয়া জিলা, লগতে দক্ষিণ ভাৰতৰ বহু কেইখন জিলাত অতি আড়ম্বপূৰ্ণভাৱে দশহেৰা উদযাপন কৰা হয় (Dussehra 2022 date shubh muhurat and pujan vidhi) ৷

লগতে পঢ়ক :আজি অন্যায়ৰ ওপৰত ন্যায়ৰ বিজয় হিচাপে দেশজুৰি উদযাপন হ'ব বিজয়া দশমী-ৰাৱণ দহন

Last Updated : Oct 5, 2022, 6:15 PM IST

ABOUT THE AUTHOR

...view details