অসম

assam

ভাৰতীয় উপকূলৰক্ষী বাহিনীক প্ৰশংসা ৰাজনাথ সিঙৰ

By

Published : Oct 9, 2021, 5:46 PM IST

বিশেষ বঁটা প্ৰদান অনুষ্ঠানত ভাৰতীয় উপকূলৰক্ষী বাহিনীক প্ৰশংসা কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । বাহিনীৰ সাহস আৰু বীৰত্বক সন্মান জনাই তিনিটা ৰাষ্ট্ৰপতি পদক, ৮ টা বীৰত্ব আৰু মেধাৱী সেৱাৰ বাবে ১০ টা পদক প্ৰদান কৰা হয় ।

ICG
ভাৰতীয় উপকূলৰক্ষী বাহিনীক প্ৰশংসা ৰাজনাথ সিঙৰ

নেশ্যনেল ডেস্ক,৯ অক্টোবৰ :প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শনিবাৰে নতুন দিল্লীৰ এক বিনিয়োগ অনুষ্ঠানত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ (ICG) কৰ্মীসকলক বীৰত্ব আৰু মেধাৱী সেৱা পদক প্ৰদান কৰে । অনুষ্ঠানটোত মুঠ ২১ টা বঁটা প্ৰদান কৰা হয় । বঁটাসমূহৰ ভিতৰত আছে বিশিষ্ট সেৱাৰ বাবে তিনিটা ৰাষ্ট্ৰপতি পদক, ৮টা বীৰত্ব আৰু মেধাৱী সেৱাৰ বাবে ১০ টা পদক । অনুষ্ঠানটোত আইচিজিৰ সঞ্চালক প্ৰধান শ্ৰী কে নটৰাজনৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজনাথ সিঙে কয় যে মাত্ৰ ৪-৬ খন নাৱেৰে ৰাষ্ট্ৰলৈ সেৱা আৰম্ভ কৰা আইচিজি এতিয়া ১৫০ খনতকৈও অধিক জাহাজ আৰু ৬৬ খন বিমানৰ সৈতে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ সামুদ্ৰিক বাহিনী হিচাপে থিয় দিছে । দেশৰ সামুদ্ৰিক নিৰাপত্তাৰ বাবে চৰকাৰৰ সংকল্পৰ কথা ব্যক্ত কৰি ইয়াক ব্যাপক আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষা পৰিকাঠামোৰ এক গুৰুত্বপূৰ্ণ দিশ বুলি অভিহিত কৰে । তেওঁৰ মতে ভাৰতৰ সামুদ্ৰিক অঞ্চলসমূহ সুৰক্ষিত আৰু প্ৰদূষণমুক্ত হ'ব লাগিব । তেওঁ উল্লেখ কৰা মতে ইয়াৰ দ্বাৰা আমাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে সুস্থ পৰিৱেশ গঠন আৰু অৰ্থনৈতিক বিকাশ সম্ভৱ হ'ব ।

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সামুদ্ৰিক শক্তি বৃদ্ধি হৈ গৈ আছে আৰু ইয়াৰ সমৃদ্ধি মুখ্যতঃ সাগৰৰ ওপৰত নিৰ্ভৰশীল । প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ 'সাগৰ'(SAGAR) দৃষ্টিভংগীৰ কথা উল্লেখ কৰি তেওঁ আঞ্চলিক সহযোগিতা বৃদ্ধি, ভাৰত মহাসাগৰ অঞ্চলত সামুদ্ৰিক শান্তি বজাই ৰখা আৰু আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থা সমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি সেই লক্ষ্যত উপনিত হোৱাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ বাবে আইচিজিক প্ৰশংসা কৰে ।

প্ৰয়োজন অনুসৰি চুবুৰীয়া দেশসমূহক সাহায্য প্ৰদান কৰাৰ সাহসী কাৰ্যৰ বাবে আইচিজিক প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে । শেহতীয়াকৈ শ্ৰীলংকাৰ উপকূলত খাৰুৱা তেল কঢ়িয়াই নিয়া 'নিউ ডায়মণ্ড' আৰু কণ্টেইনাৰ জাহাজ 'এক্সপ্ৰেছ পাৰ্ল'ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত জুই নুমুৱাবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আইচিজিৰ 'সাগৰ ৰক্ষা-১' আৰু 'সাগৰ ৰক্ষা-২'ৰ অগ্নি নিৰ্বাপক আৰু প্ৰদূষণ সঁহাৰি অভিযানৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে ।

ৰাজনাথ সিঙে শেহতীয়া ঘূৰ্ণীবতাহ 'টউক্তে'(Tauktae) আৰু 'য়াছ'ৰ (Yaas) সময়ত আইচিজিয়ে পালন কৰা প্ৰশংসনীয় ভূমিকাৰ কথা স্মৰণ কৰে । তেওঁ লগতে অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ অভিযানৰ বাবে আইচিজিক প্ৰশংসা কৰি কয় যে 'সাগৰৰ প্ৰহৰীসকলে' কেৱল বৰ্তমানৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাই নহয়, তেওঁলোকে দেশৰ ভৱিষ্যত সুৰক্ষিত আৰু শক্তিশালী কৰাৰ বাবেও কাম কৰি আছে । উল্লেখ্য যে যোৱা এবছৰত উপকূলৰক্ষী বাহিনীয়ে চিকিৎসা সম্পৰ্কীয় ৭০ টা অভিযান, ৫৫৫ টা অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাইছে আৰু ১,০৯০ ৰো অধিক লোকক উদ্ধাৰ কৰিছে ।

লগতে পঢ়ক :Drugs on Cruise ঘটনাৰ সৈতে ৰাজনৈতিক সম্পৰ্ক !

ABOUT THE AUTHOR

...view details