অসম

assam

ETV Bharat / bharat

ALH chopper crash: ভাৰতীয় সেনাৰ ALH ধ্ৰুৱ হেলিকপ্টাৰৰ উৰণ সাময়িকভাৱে স্থগিত - Army helicopter crash in Arunachal

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে ব্যৱহাৰ কৰা হেলিকপ্টাৰ ALH ধ্ৰুৱৰ ব্যৱহাৰ আৰু উৰণত নিষেধাজ্ঞা জাৰি ৷ মুম্বাইৰ উপকূলত নৌ সেনাই ব্যৱহাৰ কৰা এখন ALH হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাচতেই গ্ৰহণ কৰা হৈছে সিদ্ধান্ত (Navy helicopter crash in Mumbai) ৷ দুৰ্ঘটনাৰ কাৰণ পোহৰলৈ নহা পৰ্যন্ত বন্ধ থাকিব ALH প্ৰযুক্তিৰ হেলিকপ্টাৰৰ উৰণ ৷

ALH chopper crash
ভাৰতীয় সেনাৰ ALH ধ্ৰুৱ হেলিকপ্টাৰৰ উৰণ সাময়িকভাৱে স্থগিত

By

Published : Mar 11, 2023, 3:52 PM IST

নেশ্যনেল ডেস্ক, 11 মাৰ্চ: ভাৰতীয় সেনাই ব্যৱহাৰ কৰা এডভান্স লাইট হেলিকপ্টাৰ চমুকৈ ALH ‘ধ্ৰুৱ’ৰ উৰণ সাময়িকভাৱে স্থগিত ৰখা হৈছে (ALH chopper) ৷ মুম্বাই উপকূলত দুদিন পূৰ্বে নৌ সেনাই ব্যৱহাৰ কৰা এই প্ৰযুক্তিৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাবেই গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷

উল্লেখ্য যে, ভাৰতীয় সেনাৰ আটাইকেইটা বিভাগ নৌ সেনা, বায়ু সেনা আৰু স্থল সেনাই ব্যৱহাৰ কৰে এই ALH হেলিকপ্টাৰ ৷ দুৰ্ঘটনাৰ কাৰণ উদ্ধাৰ নোহোৱা পৰ্যন্ত উৰণ স্থগিত কৰা হৈছে এই হেলিকপ্টাৰখনৰ ৷ দুৰ্ঘটনাৰ কাৰণ জানিবলৈ অনুসন্ধান অব্যাহত ৰাখিছে সেনাই (Navy helicopter crash in Mumbai) ৷

ALH ধ্ৰুৱ হেলিকপ্টাৰবোৰ ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে সেনা আৰু সামগ্ৰী পৰিবহনকে ধৰি একাধিক কাৰ্যত ব্যৱহাৰ কৰে । ALH ধ্ৰুৱ হেলিকপ্টাৰ তিনিওটা বাহিনীয়ে চলোৱা হেলিকপ্টাৰ অভিযানৰ এক অতি গুৰুত্বপূৰ্ণ অংশ ৷ দুদিন পূৰ্বে নিয়মীয়া উৰণ অভিযানৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই সাগৰত পৰিছিল ALH প্ৰযুক্তিৰ হেলিকপ্টাৰখন (ALH helicopter accident) ৷

হেলিকপ্টাৰখনৰ পৰা পাইলটকে ধৰি আন দুজন সহযোগীক ক্ষীপ্ৰতাৰে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল নৌ সেনাৰ উদ্ধাৰকাৰী দলে ৷ আনহাতে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন উদ্ধাৰৰ বাবে বৰ্তমানেও প্ৰচেষ্টা অব্যাহত আছে (Defence Forces Halt ALH Dhruv operation) ৷

উল্লেখ্য যে, মুম্বাইৰ উপকূলীয় অঞ্চলত ভাৰতীয় নৌ সেনা, স্থল সেনা আৰু বায়ু সেনাৰ ঘাটি আছে আৰু সম্প্ৰতি নৌ সেনাই প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ ভাৰতীয় নৌ সেনাৰ এখন উন্নত প্ৰযুক্তিৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা ঘটনাই সকলোকে আচম্বিত কৰি তুলিছে (Navy chopper meets with accident) ৷ মন কৰিবলগীয়া যে সময়ে সময়ে ভাৰতীয় বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পতিত হৈ আহিছে ৷ শেহতীয়াকৈ অৰুণাচলত দুৰ্ঘটনাত পতিত হৈছিল সেনাৰ বিমান ৷ যি দুৰ্ঘটনাত আটাইকেইজন সেনা জোৱানৰ মৃত্যু হৈছিল ৷

বিগত বৰ্ষৰ অক্টোবৰ মাহত সংঘটিত হোৱা এই দুৰ্ঘটনাত 5 গৰাকী জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল যদিও বহু জোৱানৰ সন্ধান লাভ কৰা নাছিল (Army helicopter crash in Arunachal) ৷ লক্ষ্যনীয়ভাৱে এই হেলিকপ্টাৰখনো আছিল এডভান্স লাইট হেলিকপ্টাৰ(ALH) ৷ পুনৰবাৰ মুম্বাইত একেই প্ৰযুক্তিৰে হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ অনুসন্ধাৰ পাচতহে পোহৰলৈ আহিব দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ ৷

লগতে পঢ়ক:Helicopter Crashed in Arunachal : অৰুণাচলত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ উদ্ধাৰ অভিযান অব্যাহত

ABOUT THE AUTHOR

...view details