নেচনেল ডেস্ক, 3 মাৰ্চ :নিৰ্বাচন ! পৃথিৱীৰ প্ৰায়বোৰ দেশতেই শাসনৰ গাদীত অধিস্থিত হোৱাৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াকেই অৱলম্বণ কৰা হয় ৷ অৱশ্যে, ভাৰতৰ ৰাজনীতিৰ ওপৰিও সমাজত আছে নিৰ্বাচনৰ বিশেষ স্থান ৷ তাতেই যদি পঞ্চায়তৰ নিৰ্বাচন হয় কথাই সুকীয়া হৈ পৰে ৷ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বাবে আয়োজন কৰা এই নিৰ্বাচনত জড়িত হৈ পৰে একোখন গাঁৱৰ প্ৰায় সকলো ৰাইজ ৷
তৃণমূল পৰ্যায়ৰ ৰাইজৰ মাজৰ পৰাই নেতা নিৰ্বাচিত হোৱাৰ বাবে এই নিৰ্বাচনত সংঘটিত হয় বহু আমোদজনক ঘটনা ৷ শেহতীয়াকৈ, পৰিলক্ষিত হ’ল এনে আমোদজনক এক ঘটনাই ৷ উৰিষ্যাৰ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত (panchayat elections in Odisha ) পৰাজিত হৈ আবেগিক হৈ পৰিল এগৰাকী প্ৰাৰ্থী ৷ আবেগৰ বশৱৰ্তী হৈ তেওঁ কৰিলে নকৰিবলগীয়া কাণ্ড ৷ কমেও পাঁচখন গাঁৱৰ সৈতে সংযোগ স্থাপন কৰা এটা পথ কাটি পেলালে পৰাজিত প্ৰাৰ্থী গৰাকীয়ে (Defeated Sarpanch candidate digs road) ৷