অসম

assam

ETV Bharat / bharat

গুজৰাটৰ আদালতত হাজিৰ ৰাহুল গান্ধী - Defamation case against Rahul Gandhi

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে চুৰাটৰ দণ্ডাধীশৰ আদালতত হাজিৰ হৈ গুজৰাটৰ এজন বিধায়কৰ দ্বাৰা দাখিল কৰা এক মানহানিৰ গোচৰত তেওঁৰ ভাষ্য ৰেকৰ্ড কৰে । ৰাহুল গান্ধীয়ে এক নিৰ্বাচনী সভাত মোডী উপাধিৰ লোকক চোৰ আখ্যা দিয়াৰ এক গুৰুতৰ অভিযোগ কৰিছিল বিজেপিৰ বিধায়কে ।

Rahul Gandhi before court
গুজৰাটৰ আদালতত হাজিৰ মানহানি গোচৰত অভিযুক্ত ৰাহুল গান্ধী

By

Published : Jun 24, 2021, 9:09 PM IST

নেশ্যনেল ডেস্ক, ২৪ জুন :বৃহস্পতিবাৰে চুৰাটৰ দণ্ডাধীশৰ আদালতত হাজিৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী । তেওঁৰ বিৰুদ্ধে থকা এক গোচৰৰ ভাষ্য ৰেকৰ্ডৰ বাবে নেতাগৰাকীক আদালতত হাজিৰ হয় । মোডী উপাধিক লৈ তেওঁ এক বিতৰ্কিত মন্তব্য কৰাক লৈ চুৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে এক মানহানি গোচৰ ৰুজু কৰিছিল । অৱশ্যে মোডী উপাধিক লৈ কোনো ধৰণৰ বিতৰ্কিত মন্তব্য কৰা নাই বুলি তেওঁ স্বীকাৰ কৰে ।

চুৰাটৰ মুখ্য ন্যায়িক দণ্ডাধীশ (CJM) এ এন দাভেৰ সন্মুখত দিয়া তেওঁৰ ভাষ্যত ৰাহুল গান্ধীয়ে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এক ৰেলীৰ সময়ত মোডী উপাধি থকা লোকসকলৰ ওপৰত কোনো মানহানিকৰ মন্তব্য কৰাৰ কথা অস্বীকাৰ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এজন উদ্যোগপতিক ৩০ কোটি টকা দিয়া বুলি তেওঁ মন্তব্য কৰিছিল নেকি সেই কথা দণ্ডাধীশে ৰাহুল গান্ধীক সুধিছিল । এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এগৰাকী ৰাষ্ট্ৰীয় নেতা হিচাপে তেওঁ দেশৰ স্বাৰ্থত দুৰ্নীতি আৰু নিবনুৱা সমস্যা উত্থাপন কৰি থাকে আৰু এনে কৰাটো তেওঁৰ অধিকাৰ ।

আদালতত কেইবাটাও প্ৰশ্নৰ সন্মুখীন হয় ৰাহুল গান্ধী । নেতাগৰাকীয়ে মোডী উপাধিৰ লোকক চোৰ আখ্যা দিছিল নেকি বুলি আদালতে তেওঁক প্ৰশ্ন কৰে । ইয়াৰ উত্তৰত নেতাগৰাকীয়ে দাবী কৰে যে তেওঁ কেতিয়াও এনে কথা কোৱা নাই ।

ইয়াৰ উপৰিও বেছিখিনি প্ৰশ্নৰে উত্তৰত নেতাগৰাকীয়ে তেওঁ সেই বিষয়ে নাজানে বুলি কয় । ভাষ্য ৰেকৰ্ডৰ পিছতে আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানি ১২ জুলাইত নিৰ্ধাৰণ কৰে । ইফালে গোচৰটো সন্দৰ্ভত ইয়াৰ পূৰ্বে ৰাহুল গান্ধী ২০১৯ চনৰ অক্টোবৰত আদালতত হাজিৰ হৈছিল আৰু তেওঁৰ বিৰুদ্ধে থকা অভিযোগ নস্যাৎ কৰিছিল ।

বিধায়ক পূৰ্ণেশ মোডীয়ে ২০১৯ চনৰ এপ্ৰিলত ৰাহুল গান্ধীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৯৯ আৰু ৫০০ ৰ অধীনত অভিযোগ দাখিল কৰিছিল । এসপ্তাহ পূৰ্বে চিজেএম ডেভে গান্ধীক গোচৰটোত তেওঁৰ জবান বন্দীৰ বাবে ২৪ জুনত আদালতত উপস্থিত হ'বলৈ নিৰ্দেশ দিছিল । বিধায়কগৰাকীয়ে অভিযোগ কৰা মতে ৰাহুল গান্ধীয়ে ২০১৯ চনত এক নিৰ্বাচনী জনসভাত ভাষণ দি মোডী উপাধিৰ লোকক উমৈহতীয়াভাৱে চোৰ আখ্যা দিছিল ।

লগতে পঢ়ক:ক'ভিড-১৯য়ে হৃদযন্ত্ৰক কেনেদৰে প্ৰভাৱিত কৰে ?

ABOUT THE AUTHOR

...view details