নেশ্যনেল ডেস্ক,৩০ অক্টোবৰ :দীপাৱলীত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলক ১ লাখ টকাৰ নগদ উপহাৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে (Deepawali cash gifts to journalists)। বিৰোধী কংগ্ৰেছে শনিবাৰে অভিযোগ কৰা মতে মুখ্যমন্ত্ৰীয়ে দীপাৱলীত সাংবাদিকসকলক ১ লাখ টকাৰ উৎকোচ দিয়াৰ চেষ্টা কৰিছে (Karnataka CM gifts cash to journalists)। এই ক্ষেত্ৰত ন্যায়িক তদন্তৰ দাবী কৰাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ পদত্যাগৰো দাবী কৰিছে কংগ্ৰেছে । এই অভিযোগৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই সাংবাদিকক উৎকোচ দিয়াৰ চেষ্টা কৰাৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Karnataka CM on Deepawali gifts controversy)। তেওঁ এই অভিযোগ মিছা আখ্যা দিছে লগতে এয়া কংগ্ৰেছৰ ষড়যন্ত্ৰৰ অংশ বুলি অভিহিত কৰিছে । মুখ্যমন্ত্ৰীয়ে কয় যে কোনোৱে লোকায়ুক্তৰ সন্মুখত এই বিষয়টোত অভিযোগ দাখিল কৰিছে আৰু সত্য পোহৰলৈ আহিবলৈ তদন্ত বিচাৰিছে ।
তেওঁ লগতে কয় যে এই ক্ষেত্ৰত বিভিন্নজনে সাংবাদিকসকলক চোৰৰ দৰে চাইছে । কংগ্ৰেছক তীব্ৰ সামলোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ শাসন কালত বিভিন্ন লোকে কি ধৰণৰ উপহাৰ দিছিল সেয়া স্পষ্টভাৱে জনা যায় আৰু সংবাদ মাধ্যমতে বাতৰি প্ৰকাশ পাইছিল । উপহাৰ হিচাপে আইফোন বা লেপটপ বা সোণৰ মুদ্ৰা দিছিল বুলিও তেওঁ অভিযোগ কৰে ।