অসম

assam

Veer Baal Diwas : ২৬ ডিচেম্বৰৰ দিনটোত দেশত পালন কৰা হ'ব 'বীৰ বাল দিৱস'

By

Published : Jan 9, 2022, 7:57 PM IST

শিখ ধৰ্মগুৰু গোবিন্দ সিঙৰ পুত্ৰৰ স্মৃতিত দেশত পালন কৰা হ'ব বীৰ বাল দিৱস ('Veer Bal Diwas' will be celebrated in India)। ২৬ ডিচেম্বৰত গুৰু গোবিন্দ সিঙৰ দুই পুত্ৰ জোৰাৱৰ সিং আৰু ফাতেহ সিং শ্বহীদ হৈছিল । গুৰু গোবিন্দ সিং শিখ গুৰুসকলৰ দশম আৰু অন্তিম ধৰ্ম গুৰু আছিল ।

Veer Baal Diwas
দেশত পালন কৰা হ'ব বীৰ বাল দিৱস

নেশ্যনেল ডেস্ক,৯ জানুৱাৰী :এইবছৰৰ পৰা ভাৰতত ২৬ ডিচেম্বৰৰ দিনটো 'বীৰ বাল দিৱস' হিচাপে পালন কৰা হ'ব (Veer Bal Diwas will be celebrated in India)। শিখ ধৰ্মগুৰু গোবিন্দ সিঙৰ পুত্ৰৰ সাহসিকতাক স্মৰণ কৰি এই দিৱস পালনৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে এই দিৱসৰ কথা ঘোষণা কৰে ।

দেওবাৰৰ দিনটোত গুৰু গোবিন্দ সিঙৰ 'প্ৰকাশ পৰ্ব'ৰ পবিত্ৰ ক্ষণত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয় যে চাহিবজাদেসকলৰ সততা আৰু সাহসিকতাৰ স্মৃতিত এই দিৱস পালনৰ সিদ্ধান্ত লোৱা হৈছে । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে গুৰু গোবিন্দ সিঙৰ পুত্ৰ জোৰাৱৰ সিং আৰু ফাতেহ সিং ২৬ ডিচেম্বৰৰ দিনটোতে শ্বহীদ হৈছিল । সেয়ে এই দিনটোতে দেশজুৰি 'বীৰ বাল দিৱস' পালন কৰা হ'ব ।

প্ৰধানমন্ত্ৰীৰ মতে মাতা গুজৰি আৰু গুৰু গোবিন্দ সিঙৰ চাৰিওগৰাকী পুত্ৰৰ সাহসিকতা আৰু আদৰ্শই লাখ লাখ ভাৰতীয়ক অনুপ্ৰাণিত কৰি আহিছে । তেওঁলোকে সদায় অন্যায়ৰ বিৰুদ্ধে যুঁজ দিছিল । সেয়ে তেওঁলোকৰ বিষয়ে সকলো ভাৰতীয়ই জনাৰ প্ৰয়োজন বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় । ইফালে গুৰু গোবিন্দ সিঙৰ জন্ম জয়ন্তী (Guru Gobind Singh's Jayanti) উপলক্ষে সকলোকে টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

বিহাৰৰ পাটনা চাহিবত জন্মগ্ৰহণ কৰা গুৰু গোবিন্দ সিং শিখ গুৰুসকলৰ দশম আৰু অন্তিম ধৰ্ম গুৰু আছিল । তেওঁৰ পিতৃ নৱম গুৰু টেগ বাহাদুৰ জীৰ মৃত্যুৰ পাছতে তেওঁক ৯ বছৰ বয়সত 'গুৰুৰ আসন'ত অধিষ্ঠিত কৰা হৈছিল । ইফালে, গুৰু গোবিন্দ সিং জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (DDMA) দিল্লীত ভক্তসকলৰ বাবে সান্ধ্য আইন শিথিল কৰে । দেওবাৰৰ দিনটোত গুৰুদ্বাৰাত যথেষ্ট ভক্তৰ সমাৱেশ হোৱা দেখা যায় ।

লগতে পঢ়ক :Jana Shatabdi Express connects Tripura-Manipur : ত্ৰিপুৰা-মণিপুৰ সংযোগী জনশতাব্দী এক্সপ্ৰেছ মুকলি

ABOUT THE AUTHOR

...view details