নেশ্যনেল ডেস্ক,17 ফেব্ৰুৱাৰী:উত্তৰ প্ৰদেশৰ মিৰাটত সংঘটিত হৈছে এক হৃদয় বিদাৰক কাহিনী ৷ ঋণ পৰিশোধ কৰিব নোৱাৰি কন্যা সন্তানক বিক্ৰী কৰিলে দুৰ্ভগীয়া পিতৃয়ে ৷ ঘটনা অনুসৰি, বিগত বৰ্ষৰ জানুৱাৰীত এগৰাকী ব্যক্তিয়ে উপাৰ্জনৰ পথ হেৰুৱাই ঋণদাতাৰ পৰা 2 লাখ টকা ধাৰলৈ লৈছিল ৷ তাৰ পাচৰে পৰা ঋণদাতাই সঘনাই ধন বিচাৰি ব্যক্তিগৰাকীৰ ঘৰলৈ আহিছিল ৷ অৱশেষত ধাৰলৈ অনা ধন ঘূৰাই দিব নোৱাৰাৰ বাবে মানসিক অত্যাচাৰৰ সন্মুখীন হয় ব্যক্তিগৰাকী ৷ উপায়ন্তৰ হৈ পিতৃয়ে 18 বছৰীয়া কন্যাক ঋণদাতাৰ হাতত 2 লাখ টকাৰ বিনিময়ত বিক্ৰী কৰে ৷
মঙলবাৰে বিক্ৰী হোৱা যুৱতীগৰাকী ঋণদাতাৰ ঘৰৰ পৰা পলাই আহি আৰক্ষী থানাত উপস্থিত হৈ পিতৃ আৰু ঋণদাতা ব্যক্তি গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ পলায়নৰ পিছত যুৱতীগৰাকীয়ে মাতৃৰ সৈতে পাৰ্থৰপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিবলৈ উপস্থিত হয়,যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷