নেশ্যনেল ডেস্ক, 6 আগষ্ট :শনিবাৰে ঝাৰখণ্ডত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ শনিবাৰে সন্ধিয়াৰ ভাগত ঝাৰখণ্ডৰ গিৰিডিহৰ বাৰাকিৰ নদীত বাগৰি পৰি যায় এখন যাত্ৰীভৰ্তি বাছ ৷ জানিব পৰা মতে, ৰাঁচীৰ পৰা গিৰিডিহলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বাছখন ৷ প্ৰায় 30 জন যাত্ৰী থকা বাছখন নৈত পৰি যোৱাত অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ প্ৰায় তিনি ঘন্টা ধৰি অবিৰতভাৱে অব্যাহত থাকে উদ্ধাৰ অভিযান ৷
নিশাই আহতসকলক অঞ্চলটোৰ বিভিন্ন হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ অতি পৰিতাপৰ বিষয় যে, এই দুৰ্ঘটনাত নিহত হয় চাৰিজন লোক ৷ নিশাই নিহত চাৰিওজন লোকৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷ অৱশ্যে বাতৰি যুগুত কৰা পৰ্যন্ত নিহত তিনিগৰাকীৰহে পৰিচয় জানিব পৰা হৈছে ৷ সেই কেইগৰাকী হৈছে আত্মা কৰ্মী বক্ষিডীহৰ বাসিন্দা সন্তোষ আগৰৱাল, সংবেদক ধৰিয়াডীহৰ বাসিন্দা মাণিক চান্দ গুপ্তা আৰু বাছখনৰ চালক ধনিয়া ।
এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে ঝাৰখণ্ড চৰকাৰৰ মন্ত্ৰী বেবী দেৱীয়ে মাজনিশা উপস্থিত হয় চিকিৎসালয়ত । সদৰ চিকিৎসালয়ত আহতসকলক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় ৷ সাংবাদিক সৈতে হোৱা বাৰ্তালাপত মৃতকৰ আত্মীয়ক ক্ষতিপূৰণ দিয়া হ’ব বুলিও তেওঁ মন্তব্য কৰে ।
ঘটনাস্থলীতে গোটেই নিশা থাকিল DC, SP আৰু বিধায়ক :