অসম

assam

ETV Bharat / bharat

Bihar Hooch Tragedy: বিহাৰত বৰ্তমানলৈকে 37 জনৰ প্ৰাণ কাঢ়িলে বিষাক্ত সুৰাই

বিষাক্ত সুৰা সেৱনৰ ফলত বিহাৰত মৃত্যু হোৱা লোকৰ সংখ্যা পুনৰ বৃদ্ধি (Death toll rise in Bihar hooch tragedy)। মৃতকৰ সংখ্যা হ'লগৈ ৩৭ গৰাকী । এতিয়াও প্ৰায় ১৫ জন লোক চিকিৎসাধীন । ঘটনা সন্দৰ্ভত প্ৰায় ৭০ জনক গ্ৰেপ্তাৰ ।

By

Published : Apr 17, 2023, 10:15 PM IST

Bihar Hooch Tragedy
বিহাৰত মৃতকৰ সংখ্যা ৩৭ জনলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল :বিষাক্ত সুৰা সেৱনৰ ফলত বিহাৰৰ মতিহাৰীত মৃতকৰ সংখ্যা বৃদ্ধি হৈয়েই আছে (Motihari Hooch Tragedy)। শেহতীয়া খবৰ অনুসৰি বিষাক্ত সুৰা সেৱনৰ ফলত এতিয়ালৈ মৃত্যু হৈছে ৩৭ গৰাকী লোকৰ (37 death after consuming spurious liquor)। অৱশ্যে প্ৰশাসনে ২৬ গৰাকী লোকৰ মৃত্যু নিশ্চিত কৰিছে । একে সময়তে ১৫ গৰাকী লোক এতিয়াও অসুস্থ হৈ আছে । যিসকল চিকিৎসাধীন হৈ আছে ।

আনহাতে বিহাৰ চৰকাৰেও এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে । আৰক্ষী অধীক্ষক কান্তেশ কুমাৰ মিশ্ৰাই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ২ গৰাকী বিষয়া আৰু ৯ জন চন্তৰীক নিলম্বন কৰিছে (Bihar hooch tragedy case)।

আৰক্ষী অধীক্ষক কান্তেশ কুমাৰ মিশ্ৰাই জনোৱা মতে ৭০ জন সুৰা ব্যৱসায়ীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে (70 arrested on Bihar hooch tragedy case)। ইয়াৰ মাজতে আকৌ প্ৰশাসনৰ ভয়ত বহু লোকে গোপনে মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াও কৰিছে । অৱশ্যে, পাটনাৰ তিনিজনীয়া তদন্তকাৰী দলে ঘটনাটোৰ তদন্ত কৰিবলৈ মতিহাৰীত উপস্থিত হৈছে । দলটোত চিআইডি, আবকাৰী আৰু ফৰেনচিকৰ লোক আছে । ঘটনাটো তদন্তৰ পাছত দলটোৱে প্ৰতিবেদন চৰকাৰক দাখিল কৰিব । ইয়াৰ পাছত, দোষী সাব্যস্ত হোৱা সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব ।

আশংকা কৰা মতে মৃতকৰ সংখ্যা হয়টো আৰু বৃদ্ধি হ'ব পাৰে কিয়নো এতিয়াও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বহু লোক । হৰসিদ্ধি আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোৰ পৰা মৃত্যুৰ সংখ্যা বৃহস্পতিবাৰে নিশাৰ পৰা আৰম্ভ হৈছিল । ইতিমধ্যে বিষাক্ত সুৰা সেৱনৰ ফলত মৃতকৰ সংখ্যা ৩৭ লৈ বৃদ্ধি হৈছে ।

তুৰ্কোলিয়া আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত মৃত্যু হোৱা লোক : ৰামেশ্বৰ ৰাম (৩৫), ধ্ৰুপ পাছৱান (৪৮), অশোক পাছৱান (৪৪), ছোটু কুমাৰ (১৯), জোখু সিং (৫০), অভিষেক যাদৱ (২২), ধ্ৰুৱ যাদৱ (২৩), মেনেজাৰ চাহনী (৩২), লক্ষ্মণ মাঁঝি (৩৩), নৰেশ পাছৱান (২৪), মনোহৰ যাদৱ, গুড্ডু চাহনী, ৰুমান ৰায়, ভুটা পাছৱান, গুলটেন মিয়ান, গুঞ্জন কুমাৰ, নৰেশ পাছৱান, নৰেশ পাছৱান ।

হৰসিদ্ধি আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত মৃত্যু হোৱা লোক : সোণা লাল পেটেল, পৰমেন্দ্ৰ দাস, নৌ দাস, হীৰালাল মাঁঝি, অজয় সিং কুশৱাহা, মুন্না পেটেল, বীৰেন্দ্ৰ মাঁঝি ।

পাহাৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত মৃত্যু হোৱা লোক : টুনটুন সিং, ভূটান মাঁঝি, বিট্টু ৰাম, ভোলা প্ৰসাদ, ৰমেশ মাহতো ।

সুগৌলি আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত মৃত্যু হোৱা লোক : সুদিশ ৰাম, ইন্দ্ৰশান মহাতো, চুলাহী পাছৱান, গোবিন্দ ঠাকুৰ, গণেশ ৰাম, সুনীল পাছৱান, চুলহাই পাছৱান, বুনিয়াদ পাছোৱান ।

লগতে পঢ়ক :Bihar Hooch Tragedy: বিষাক্ত সুৰা সেৱনৰ ফলত বিহাৰত মৃতকৰ সংখ্যা 22 লৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details