অসম

assam

ETV Bharat / bharat

Odisha Triple train accident: এতিয়াও চিনাক্ত কৰিব পৰা নাই 187 টা মৃতদেহ - Odisha train crash aftermath

ওড়িশা চৰকাৰৰ সমুখত বৃহৎ প্ৰত্যহ্বান ৷ মৃত 275 গৰাকী লোকৰ ভিতৰত 187 টা মৃতদেহ এতিয়াও চিনাক্তকৰণ কৰিব পৰা নাই (187 bodies yet to be identified) ৷

187 bodies yet to be identified
এতিয়াও চিনাক্ত কৰিব পৰা নাই 187 টা মৃতদেহ

By

Published : Jun 4, 2023, 8:41 PM IST

নিউজ ডেস্ক, 4 জুন:ওড়িশাত সংঘটিত হোৱা ভয়াৱহ ৰে’ল দুৰ্ঘটনাই বিশ্বজুৰি শোকৰ ছাঁ পেলাইছে ( Odisha train crash aftermath)৷ এই ঘটনাৰ পিচতে শেহতীয়াকৈ ওড়িশা চৰকাৰে দেওবাৰে বালাছোৰৰ বাহানাগা ষ্টেচনত সংঘটিত হোৱা শোকাৱহ ৰে’ল দুৰ্ঘটনাত 275 গৰাকী লোকৰ মৃত্যু হোৱাৰ কথা ঘোষণা কৰিছে প্ৰশাসনে ৷

জানিব পৰামতে, ইয়াৰ কেইটামান মৃতদেহ "দুবাৰকৈ গণনা" কৰা হৈছিল (Odisha Triple train accident)। উল্লেখ্য যে, মৃত 275 গৰাকী লোকৰ ভিতৰত 187 টা মৃতদেহ এতিয়াও চিনাক্তকৰণ কৰিব পৰা নাই (187 bodies yet to be identified)৷

ই চৰকাৰৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে ৷ ইফালে, মৃতকৰ আত্মীয়সকলে তেওঁলোকৰ প্ৰিয়জনক বিচাৰি চলাথ কৰিছে । মৃতকৰ পৰিয়ালে হাতে হাতে ফটো লৈ আত্মীয়ক বিচাৰি চলাথ কৰিছে ৷ ওড়িশাৰ মুখ্য সচিব প্ৰদীপ কুমাৰ জেনাই কোৱা অনুসৰি দুৰ্ঘটনাস্থলীত আৰু চিকিৎসালয়ত কিছু মৃতদেহ দুবাৰকৈ গণনা কৰা হৈছে (Odisha Chief Secretary Pradeep Kumar Jena)।

সেয়েহে, সঠিক গণনাৰ পিচত, চূড়ান্ত মৃত্যুৰ সংখ্যা 275 গৰাকী (Odisha train crash) ৷ মৰণোত্তৰ পৰীক্ষাৰ পিছত 275 টা মৃতদেহৰ ভিতৰত 78 গৰাকীক চিনাক্ত কৰি তেওঁলোকৰ পৰিয়ালৰ সদস্যক হস্তান্তৰ কৰা হয়, এতিয়া আন 10 টা মৃতদেহ চিনাক্তকৰণ কৰি হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াও অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷

মুখ্য সচিব জেনাই কয় যে বাকী 187 টা মৃতদেহৰে 170 টা মৃতদেহ ভুৱনেশ্বৰলৈ লৈ অনা হৈছে ৷ আনহাতে আন 17 টা মৃতদেহ বালাছোৰৰ পৰা ৰাজধানী চহৰলৈ লৈ যোৱা হৈছে । মৃতদেহসমূহ 85 খন এম্বুলেন্সৰে সন্মানপূৰ্বকভাৱে ভূৱনেশ্বৰৰ বিভিন্ন শৱগৃহলৈ অনা হৈছে । প্ৰতিখন এম্বুলেন্সত মাত্ৰ দুটা মৃতদেহ অনা হৈছে ৷

মুখ্য সচিবগৰাকীয়ে কয়, "আমি মৃতদেহসমূহৰ ফটো srcodisha.nic.in., www.bmc.gov.in. আৰু www.osdma.org ৱেবছাইটত আপলোড কৰিছো। যদি কোনোৱে তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ মৃতদেহ চিনাক্ত কৰিব পাৰে, তেন্তে তেওঁ হেল্পলাইন নম্বৰ 18003450061 /1929 (24এ-7)ৰ সৈতে যোগাযোগ কৰিব পাৰে । আহতসকলৰ তালিকাও এই ৱেবছাইটসমূহত আপলোড কৰা হৈছে । চৰকাৰে মৃত ব্যক্তিসকলৰ পৰিয়ালৰ সদস্যসকলক কোনো অসুবিধা নোহোৱাকৈ মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে ৷"

আহতসকলৰ প্ৰায় 1,175 জন ৰোগীক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, ইয়াৰে ভিতৰত এতিয়ালৈ 793 জনক হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছে। সম্প্ৰতি অধিকাংশ আঘাতপ্ৰাপ্ত ৰোগীৰ অৱস্থা সুস্থ বুলি জানিব পৰা গৈছে । এতিয়া বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ত মুঠ 382 গৰাকী আহত যাত্ৰী চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক:Odisha train tragedy: ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাত মৃত্যু ২৭৫ জনৰ, ১১৭৫ গৰাকী আহত

ABOUT THE AUTHOR

...view details