নেশ্যনেল ডেস্ক,13 জানুৱাৰী : মধ্য প্ৰদেশৰ মৰেনাৰ বিষাক্ত সুৰা ট্ৰেজেডিত মৃত্যু হোৱা লোকৰ সংখ্যা 21 জনলৈ বৃদ্ধি পাইছে ৷ মধ্য প্ৰদেশৰ প্ৰশাসনিক এক সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷
ASP হাংসৰাজ সিঙে ইটিভি ভাৰতৰ আগত সদৰি কৰা মতে এই সুৰা ট্ৰেজেডিৰ লগত জড়িত 7 জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ অভিষুক্ত আটাইকেইজন পলাতক অৱস্থাত আছে ৷ এই অভিযুক্ত কেইজনৰ তথ্য দিব পৰা লোকৰ বাবে 10000 টকা পুৰস্কাৰ ঘোষণা কৰা কথাও জানিবলৈ দিছে আৰক্ষী বিষয়াগৰাকীয়ে ৷