অসম

assam

By

Published : Feb 17, 2021, 12:01 PM IST

ETV Bharat / bharat

মধ্য প্ৰদেশৰ বাছ দুৰ্ঘটনা: 50 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

মধ্যপ্ৰদেশৰ সিধিত 54 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ নলাত বাগৰি পৰাৰ ফলত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পৰা এইপৰ্যন্ত 50 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷

মধ্য প্ৰদেশত শোকাৱহ বাছ দুৰ্ঘটনা: 50 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ
মধ্য প্ৰদেশত শোকাৱহ বাছ দুৰ্ঘটনা: 50 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

নেশ্যনেল ডেস্ক, 17 ফেব্ৰুৱাৰী:মধ্যপ্ৰদেশৰ সিধিত মঙলবাৰে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ 54 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ নলাত বাগৰি পৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ এই পৰ্যন্ত 50 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে লগে মধ্যপ্ৰদেশ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ কিন্তু 22 ফুট দ নলাত বাছখন বাগৰি পৰাৰ কাৰণে উদ্ধাৰৰ ক্ষেত্ৰত কিছু অসুবিধা হৈছিল ৷ প্ৰায় 4 ঘণ্টাৰ অন্ততহে বাছখনৰ অৱস্থিতিৰ সম্ভেদ পোৱা গৈছিল ৷

এই ভয়াৱহ দুৰ্ঘটনাটোৰ পাচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰি মৃত যাত্ৰীসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি 2 লাখ টকাৰ এককালীন আৰ্থিক সাহায্য ঘোষণা কৰে । টুইটাৰযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, "মধ্যপ্ৰদেশৰ সিধিত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত হোৱা যাত্ৰীসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো । স্থানীয় প্ৰশাসনে সক্ৰিয়তাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।"

ইফালে, এই বাছ দুৰ্ঘটনাটো সংঘটিত হোৱাত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানেও গভীৰ শোক প্ৰকাশ কৰে ৷ লগতে নিহত যাত্ৰীসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি 5 লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক:কৃষি আইন আৰু কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত জে পি নাড্ডাৰ বৈঠক

ABOUT THE AUTHOR

...view details