নেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ: সোমবাৰে শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা আন এজন আৰক্ষী জোৱানৰ মঙলবাৰে মৃত্যু হয় (One more policeman in Srinagar attack) । আৰক্ষী জোৱানগৰাকী কাংগানৰ বাসিন্দা কনিষ্টবল ৰমিজ আহমেদ বুলি জানিব পৰা গৈছে । তেওঁ সেনাৰ ৯২ বেচ হাস্পতালত চিকিৎসাধীন হৈ আছিল । সোমবাৰে আবেলি যাত্ৰা কৰি থকা অৱস্থাতে সন্ত্ৰাসবাদীয়ে আৰক্ষী জোৱান থকা এখন বাছত আক্ৰমণ কৰিছিল (Militant attack in Srinagar) ।
এই আক্ৰমণত সহকাৰী উপ-পৰিদৰ্শক গোলাম হাছান আৰু জ্যেষ্ঠ কনিষ্টবল ছফিক আলী নিহত হয় । কনিষ্টবল ৰমিজ আহমেদক সংকটজনক অৱস্থাত সেনাৰ ৯২ বেচ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মঙলবাৰে তেওঁৰ মৃত্যু হয় । ইয়াৰে সৈতে নিহতৰ সংখ্যা ৩ জনলৈ বৃদ্ধি পাইছে (Death toll in Srinagar attack rises to 3) । আনহাতে, আহত ১১ জন আৰক্ষী জোৱানৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে ।
আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে সন্ধিয়া ৫.৫০ বজাত শ্ৰীনগৰৰ পান্থা চকৰ ঝেৱান অঞ্চলত সশস্ত্ৰ ৰিজাৰ্ভ আৰক্ষীৰ নৱম বেটালিয়নৰ জোৱান কঢ়িয়াই নিয়া এখন বাছত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল । এই ঘটনাত ১৪ জন আৰক্ষী আহত হয় । ইয়াৰ ভিতৰত এতিয়ালৈকে তিনিজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে ।