অসম

assam

ETV Bharat / bharat

Bihar Hooch Tragedy : ৪০ ৰো অধিক লোকৰ প্ৰাণ ল'লে বিষাক্ত সুৰাই; কেইবাজনো আৰক্ষী বিষয়াক নিলম্বন - Death after consuming spurious liquor

বিষাক্ত সুৰা সেৱনৰ ফলত এতিয়ালৈ বিহাৰত প্ৰায় ৪০ গৰাকী লোকৰ মৃত্যু হৈছে (40 death after consuming spurious liquor)। এতিয়াও বহু লোক চিকিৎসাধীন হৈ আছে । গোচৰটোত কেইবাখনো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন কৰা হৈছে ।

Bihar Hooch Tragedy
৪০ৰো অধিক লোকৰ প্ৰাণ ল'লে বিষাক্ত সুৰাই

By

Published : Apr 18, 2023, 10:01 PM IST

নেশ্যনেল ডেস্ক, ১৮ এপ্ৰিল :বিহাৰৰ সুৰা ট্ৰেজেডীয়ে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Bihar Hooch Tragedy)। পূব চম্পাৰণ জিলাত বিষাক্ত সুৰা সেৱনৰ ফলত মৃত্যুৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে । ইতিমধ্যে মৃতকৰ সংখ্যাই ৪০ অতিক্ৰম কৰিছে (40 death after consuming spurious liquor)। অৱশ্যে, চৰকাৰী তথ্য অনুসৰি বিষাক্ত সুৰা সেৱনৰ ফলত ২৭ গৰাকী লোকৰ মৃত্যু হৈছে । য'ত ৯ টা মৃতদেহৰ মৰণোত্তৰ সমাপ্ত হৈছে । বিষাক্ত সুৰা সেৱন কৰাৰ ফলত অসুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইয়ে আছে (Death toll rise in Bihar hooch tragedy)।

নতুন নতুন তথ্য পোহৰলৈ আহিছে । প্ৰথমে একাংশ লোকে সমগ্ৰ ঘটনাক গোপনে ৰাখিবলৈ চেষ্টা কৰিছিল । আনকি মৃতকৰ পৰিয়ালে গোপনে অন্ত্যেষ্টিক্ৰিয়াও সম্পন্ন কৰিছিল । অৱশ্যে এতিয়া সেই লোকসকলেও ওলাই আহি কথাবোৰ মুকলিকৈ ক'বলৈ আৰম্ভ কৰিছে । আৰক্ষীক অৱগত নকৰাকৈ এতিয়াও বহু লোকে বিভিন্ন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা লাভ কৰি আছে । সদৰ চিকিৎসালয়তো বহুতো লোকৰ চিকিৎসা চলি আছে । তাৰ মাজতে বহুলোকৰ অৱস্থা সংকটজনক হৈ আছে ।

তথ্য অনুসৰি, ৮ গৰাকী লোকে বিষাক্ত সুৰা সেৱন কৰি দৃষ্টিশক্তি হেৰুৱাইছে । ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়েও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । আৰক্ষী অধীক্ষকে তুৰ্কৌলিয়া, হৰসিদ্ধি, পাহাৰপুৰ, সুগৌলি আৰু ৰঘুনাথপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক নিলম্বন কৰিছে আৰু বিষয়টোৰ ওপৰত তদন্ত ঘোষণা কৰিছে (OC Suspension on hooch tragedy case)। ইয়াৰ পূৰ্বে, দুগৰাকী এএলটিএফ বিষয়া আৰু ৯ জন প্ৰহৰীক নিলম্বন কৰা হৈছিল ।

ইফালে পূব চম্পাৰণত যোৱা ২৪ ঘণ্টাৰ ভিতৰত বিষাক্ত সুৰা সেৱনৰ ফলত ৫ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে (Death after consuming spurious liquor)। সুগৌলি আৰক্ষী থানাৰ অন্তৰ্গত বধেয়া গাঁৱৰ ৰামবাবু যাদৱ আৰু কৌয়াহাৰ অমৰদেৱ মহাতোৰ মৃত্যু হৈছে । পাহাৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পণ্ডিতপুৰৰ বীৰেন্দ্ৰ শ্বাহৰো মৃত্যু হৈছে । লগতে, হৰসিদ্ধি আৰক্ষী থানাৰ অন্তৰ্গত মণিজ মাহতো আৰু ব্ৰজেশ যাদৱৰ মৃত্যুৰ খবৰ পোৱা গৈছে । বৰ্তমান সদৰ চিকিৎসালয়ত ১১ গৰাকী লোকৰ চিকিৎসা চলি আছে ।

লগতে পঢ়ক :Bihar Hooch Tragedy: বিহাৰত বৰ্তমানলৈকে 37 জনৰ প্ৰাণ কাঢ়িলে বিষাক্ত সুৰাই

ABOUT THE AUTHOR

...view details