অসম

assam

4 ধৰ্ষণকাৰীক চূড়ান্ত শাস্তি প্ৰদানৰ লগতে নগদ ধনৰ জৰিমনা

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 1:07 PM IST

হাৰিয়ানাত 4 ধৰ্ষণকাৰীৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় ৷ 2 কিশোৰী ভগ্নীক মাতৃৰ সন্মুখত ধৰ্ষণ কৰি হত্যা কৰিছিল 4 অপৰাধীয়ে । অতিৰিক্ত সত্ৰ ন্যায়াধীশ সুৰুচি আত্ৰেজা সিঙৰ আদালতে প্ৰদান কৰে ৰায় ৷ 30 হাজাৰ টকাৰ জৰিমনা বিহিছে 4 অপৰাধীক । 2021 চনৰ 8 অক্টোবৰত আদালতত ৰুজু কৰা হৈছিল গোচৰ । সোনিপত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত প্ৰদান কৰা হয় গুৰুত্বপূৰ্ণ গোচৰটোৰ ৰায়দান ৷

minor sisters were murdered after raping
4 ধৰ্ষণকাৰীক চূড়ান্ত শাস্তি প্ৰদানৰ লগতে নগদ ধনৰ জৰিমণা

নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ:ধৰ্ষণৰ অভিযোগত অভিযুক্ত 4 দোষীক মৃত্যুদণ্ড প্ৰদান কৰিছে হাৰিয়ানাৰ এখন জিলা আৰু সত্ৰ আদালতে ।দুগৰাকী কিশোৰী ভগ্নীক ধৰ্ষণ আৰু হত্যাৰ গোচৰত জিলা আৰু সত্ৰ আদালতে প্ৰদান কৰিছে মৃত্যুদণ্ডৰ শাস্তি । ফাৰ্ষ্ট ট্ৰেক আদালতে দোষীকেইটাৰ অপৰাধক নৃশংস বুলি অভিহিত কৰি দুবছৰ এমাহ দহ দিনৰ বিচাৰৰ অন্তত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে আৰু 4 দোষীৰ বাবে মৃত্যুদণ্ডৰ শাস্তি উপযুক্ত বুলি বিবেচনা কৰে । জানিব পৰা মতে, বিহাৰৰ এগৰাকী মহিলাই 2021 চনৰ 9 আগষ্টত কুণ্ডলী আৰক্ষী থানাত জনাইছিল যে তেওঁ দুগৰাকী কন্যা আৰু তিনি পুত্ৰৰ সৈতে কুণ্ডলী থানা এলেকাৰ গাঁৱত ভাড়াতীয়া হিচাপে বাস কৰে । তেওঁৰ ডাঙৰ কন্যা আৰু পুত্ৰৰ বিয়া ইতিমধ্যে সম্পন্ন হৈছে ।

ঘৰত প্ৰৱেশ কৰি অপৰাধীয়ে সংঘটিতকৰে অপৰাধ: ভুক্তভোগী মহিলাগৰাকীয়ে ভাড়াতীয়া হিচাপে বাস কৰা স্থানডোখৰত বিহাৰৰ আন চাৰিজন যুৱকেও একেটা চৌহদৰে আন এটা সুকীয়া কোঠাত বাস কৰিছিল । 2021 চনৰ 5 আগষ্টৰ নিশা 13 আৰু 15 বছৰীয়া কন্যা সন্তানৰ সৈতে কোঠাটোত শুই আছিল মহিলাগৰাকী । তেওঁৰ পুত্ৰ সন্তানকেইটা চাঁদত শুই আছিল । নিশা প্ৰায় 12 বজাত চাৰিজন যুৱক ক্ৰমে বিহাৰৰ দৰভঙা জিলাৰ মাজগাহী গাঁৱৰ নিবাসী অৰুণ পণ্ডিত, মাছাহোৰী গাঁৱৰ নিবাসী ফুলচান্দ, ঝকেলিৰ নিবাসী দোখন পণ্ডিত আৰু সমস্তীপুৰৰ বড়া গাঁৱৰ বাসিন্দা ৰামসুহাগ কোঠাটোলৈ সোমাই যায় । অৰুণ আৰু ফুলচান্দ সদাই ডাঙৰ কন্যাক আৰু দোখন পণ্ডিত আৰু ৰাম সুহাগে সৰু কন্যাগৰাকীক যৌন নিপীড়ন চলায় ।

ভুক্তভোগীক কীটনাশক দিয়া হৈছিল:এই কাৰ্যৰ প্ৰতিবাদ কৰাৰ পিচত দুয়োগৰাকী কিশোৰীক কীটনাশক খাবলৈ বাধ্য কৰোৱা হৈছিল । ইয়াৰ পিচতে তেওঁলোকৰ অৱস্থা শোচনীয় হৈ পৰিল । অভিযুক্তই মহিলাগৰাকী তথা ভুক্তভোগী জীয়ৰী দুগৰাকীৰ মাতৃগৰাকীৰ আগত পুত্ৰক হত্যাৰ ভাবুকি প্ৰদান কৰি উক্ত নাৰকীয় ঘটনাটো সন্দৰ্ভত কাকো অৱগত নকৰিবলৈ কয় । পুত্ৰক হত্যাৰ ভাবুকি দিয়াৰ পিচতেই মৌন হৈ পৰে মহিলাগৰাকী। ছোৱালীকেইজনীক লৈ চাঁদলৈ যায় ।

পুত্ৰৰ আগত ভয়তে মাকে মিছা কথা ক’লে আৰু দুয়োগৰাকী কিশোৰী ভগ্নীয়ে পুৱা 4 বজালৈকে চাঁদত চটফটায় আছিল । কিশোৰী দুগৰাকীৰ অৱস্থা অধিক বেয়া হোৱাৰ পাচতহে দুয়োকে দিল্লীৰ নাৰেলাৰ ৰাজা হৰিশচন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । য'ত দুয়োগৰাকীৰ মৃত্যু ঘটে । মহিলাগৰাকীয়ে কুণ্ডলী আৰক্ষী থানাক তেওঁৰ কন্যা সন্তানৰ সাপে খোঁটাৰ ফলত মৃত্যু হৈছে বুলি কয় । অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিচত আৰক্ষীয়ে কিশোৰী দুগৰাকীক দলবদ্ধ ধৰ্ষণ কৰা হৈছে বুলি অৱগত হোৱাৰ লগতে তেওঁলোকক কিছু কীটনাশক পান কৰিবলৈ দিয়া হৈছে বুলিও গম পায় ।

আৰক্ষীয়ে কেনেকৈ কৰায়ত্ত কৰিলে অপৰাধীক: তেতিয়াৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবিৰ দলৰ অংশ হিচাপে থকা তদন্তকাৰী বিষয়া উষা মালিকে যেতিয়া মহিলাগৰাকীক জেৰা কৰে তেতিয়া সত্য পোহৰলৈ আহে । ইয়াৰ পিচতে ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা অৰুণ, ফুলচান্দ, দোখন পণ্ডিত আৰু ৰাম সুহাগৰ বিৰুদ্ধে দলৱদ্ধ ধৰ্ষণ আৰু বিষাক্ত পদাৰ্থ খুৱাই হত্যাৰ গোচৰ ৰুজু কৰা হয় । তদন্তকাৰী বিষয়াৰ দলে চাৰিওজনকে গ্ৰেপ্তাৰ কৰে । গোচৰৰ শুনানিৰ অন্তত অতিৰিক্ত সত্ৰ ন্যায়াধীশ সুৰুচি আত্ৰেজা সিঙে চাৰিওজন অভিযুক্তক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে ।

গোচৰটো 2021 চনৰ 8 অক্টোবৰত আদালতত ৰুজু কৰা হৈছিল।

লগতে পঢ়ক:বিষাক্ত সৰ্প ব্যৱহাৰ কৰি পত্নী আৰু কন্যাক হত্যা, অভিযুক্তক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details